তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা দিবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি ল’লে যুৱতীয়ে

তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা দিবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি ল’লে যুৱতীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যজুৰি দেওবাৰে অনুষ্ঠিত হৈ গ’ল অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা । ১১ লাখতকৈও অধিক যুৱক-যুৱতীয়ে আৱেদন কৰা এই নিযুক্তি পৰীক্ষা ২৮ খন জিলাৰ মুঠ ২৩০৫ টা কেন্দ্ৰত অনুষ্ঠিত হয় । কিন্তু ইয়াৰ মাজতে ডিব্ৰুগড়ত মৰ্মান্তিক ঘটনা ।পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ গৈ থাকোতে কৰুণ মৃত্যুক আঁকোৱালি ল’লে এগৰাকী মেধাৱী যুৱতীয়ে। টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী পৰশ্ৰী গগৈয়ে আঁকোৱালি ল’লে কৰুণ মৃত্যুক। চাচনী দেওঘৰীয়া গাঁও নিবাসী পৰশ্ৰী গগৈ। ADREৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ডিব্ৰুগড়লৈ গৈ আছিল পৰশ্ৰী আৰু সেই সময়তে এক পথ দুৰ্ঘটনাত পতিত পৰশ্ৰী গগৈ। দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালি ল’লে যুৱতীগৰাকীয়ে।নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ গৈ অকালতে প্ৰাণ হেৰুওৱা ছাত্ৰীগৰাকীৰ পৰিয়ালত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।য