তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

Pc The Economic Times

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

৫ গৰাকী প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ আজি অন্তিম দিন। কোকৰাঝাৰ সমষ্টিৰ ৩ গৰাকী প্ৰাৰ্থী আৰু ধুবুৰী সমষ্টিৰ ২ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে কোকৰাঝাৰ সমষ্টিত ১২ গৰাকী, ধুবুৰী সমষ্টিত ১৩ গৰাকী, বৰপেটা সমষ্টিত ১৪ গৰাকী আৰু গুৱাহাটী সমষ্টিত ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰা হয়।