তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষা সম্পন্ন

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষা সম্পন্ন

৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৪ টা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়। কোকৰাঝাৰ সমষ্টিৰ এগৰাকী, ধুবুৰী সমষ্টিৰ ৪ গৰাকী, বৰপেটা সমষ্টিৰ এগৰাকী আৰু গুৱাহাটী সমষ্টিৰ ২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়। পৰীক্ষাৰ অন্তত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সৰ্বমুঠ ৫২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত কৰা হৈছে।