তৃতীয় কোভিড ঢৌ আহি আছে, লকডাউন অন্তিম বিকল্প: ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- বৰ্ধিত কোভিড-১৯ ঘটনা সন্দৰ্ভত এখন জৰুৰী বৈঠকত সভাপতিত্ব কৰাৰ সময়ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে মন্তব্য কৰে যে কোভিড-১৯ সংক্ৰমণৰ তৃতীয় ঢৌ আহি আছে। সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি বাঘেলে কয় যে লকডাউন হৈছে কৰোনা ভাইৰাছ ৰোধৰ অন্তিম বিকল্প আৰু ৰাজ্যখনত পৰীক্ষাৰ সংখ্যা বৃদ্ধি পাব লাগিব। তেওঁ জিলা কৰ্তৃপক্ষক ৰাজহুৱা সমাৱেশৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈও নিৰ্দেশ দিছিল।
