তৃণমূল কংগ্ৰেছ নেতা কংগ্ৰেছত যোগদান
ৰঙিলী বাৰ্ত্তাসেৱা- তৃণমূল কংগ্ৰেছৰ বজালী আৰু নলবাৰীৰ একাংশ নেতা-কৰ্মীয়ে আজি কংগ্ৰেছত যোগদান কৰে। জিলা দুখনৰ তৃণমূ্ল কংগ্ৰেছৰ সভাপতি, উপ-সভাপতি, মহিলা নেত্ৰীসহ কুৰিৰো অধিক তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত কংগ্ৰেছ দলৰ সদস্যপদ গ্ৰহণ কৰে। আজিৰ যোগদান কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, মানস বৰা, কংকণ দাস, ৰাতুল কলিতা, বেদব্ৰত বৰা আদি নেতাসকলো উপস্থিত আছিল।
