তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীক সাক্ষাৎ ৰিপুণ বৰাৰ

তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীক সাক্ষাৎ ৰিপুণ বৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ক’লকাতাত তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ সৈতে এক বৈঠকত মিলিত হৈ বিভিন্ন দিশৰ সন্দৰ্ভত আলোচনাত মিলিত হয় অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ পৰা দলে প্ৰতিদ্বন্দিতাৰ বাবে ‘ইণ্ডিয়া’ মৰ্চাৰ ওচৰত দাবী উত্থাপন কৰিবলগীয়া আসনৰ সংখ্যাৰ সন্দৰ্ভত আলোচনা কৰা হয়। লগতে অসমত দলটোৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ বিষয়েও আলোচনা কৰা হয়। উক্ত বৈঠকতে অহা নৱেম্বৰত তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী তথা পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ অসম ভ্ৰমণৰ সন্দৰ্ভতো আলোচনা কৰে দুয়োগৰাকী নেতাই। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ নিৰ্দেশ মৰ্মে উক্ত বিষয়টোৰ তদাৰকৰ দায়িত্ব দিয়া পশ্চিমবঙ্গৰ শক্তি মন্ত্ৰী অৰূপ বিশ্বাসক সাক্ষাৎ কৰি ৰিপুণ বৰাই আলোচনা কৰে। আনহাতে পশ্চিমবংগৰ টালিগঞ্জত থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ এসময়ৰ বাসগৃহটো ঐতিহ্যমণ্ডিত স্হান হিচাপে ঘোষণা কৰি উন্নত ৰূপত সংৰক্ষণৰ ব্যৱস্থা ল’বলৈ পশ্চিমবংগ চৰকাৰৰ ওচৰত দাবী জনায় অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। তেওঁ লগতে বাসগৃহটো ইতিমধ্যে বিক্ৰী হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াক পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰাৰ পদক্ষেপ লোৱাৰ দাবী জনায়।আনহাতে কোচবিহাৰৰ মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে পদক্ষেপ ল’বলৈও দাবী জনায় সভাপতি বৰাই। মধুপুৰ সত্ৰলৈ অহা যাত্ৰীৰ থকাৰ সুব্যৱস্থা কৰিবলৈও আহ্বান জনায়।