তুৰস্ক-আজাৰবাইজান ভ্ৰমণৰ বুকিং বাতিল ভাৰতীয় পৰ্যটকৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই সন্ত্রাসবাদীৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দূৰ’ চলোৱা সময়ত বিশ্বৰ গৰিষ্ঠসংখ্যক দেশে ভাৰতক সমৰ্থন কৰিছিল। কিন্তু তুৰস্ক আৰু আজাৰবাইজানে সমর্থন জনাইছিল পাকিস্তানক।ইয়াৰ ফলত এইবাৰ বহু ভাৰতীয় নাগৰিকে তুৰস্ক আৰু আজাৰবাইজান ভ্রমণ বাতিল কৰিছে । ভাৰতৰ কেইবাটাও নামী ভ্রমণ সংস্থাই তুৰস্ক আৰু আজাৰবাইজানৰ সকলো বুকিং ইতিমধ্যে বাতিল কৰিছে। এইবাৰ ভাৰতীয় নাগৰিকসকলেও দুয়োখন দেশক প্রত্যক্ষভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত ল’লে। এই সম্পর্কত ভ্রমণ সংস্থা ‘ইজমাইট্রিপ’ আৰু ‘ইক্সিগো’ৱে জনাইছে যে বহু ভাৰতীয় পৰ্যটকৰ বুকিং বাতিল হৈছে। ভাৰতীয় পৰ্যটকসকলে তুৰস্ক আৰু আজাৰবাইজান চৰকাৰৰ পাকিস্তানপ্রীতিক লৈ ক্ষোভপ্রকাশ কৰাৰ লগতে দেশ দুখন ভ্রমণ নকৰাৰ সিদ্ধান্ত লোৱা বুলি ভ্রমণ সংস্থা দুটাই সংবাদ মাধ্যমক জনাইছে। ইফালে ‘পিকমাইট্রেল’ নামৰ সংস্থাটোৱে তুৰস্ক আৰু আজাৰবাইজানলৈ নতুন বুকিং সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। লক্ষণীয়ভাৱে কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ আক্ৰমণৰ পিছতে পাকিস্তানত আশ্রয় লৈ থকা সন্ত্রাসবাদীক উৎখাতৰ হুংকাৰ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ঘটনাৰ দুসপ্তাহ পিছত ভাৰতীয় সেনাই পাকিস্তান থকা সন্ত্রাসবাদী শিবিৰত ‘অপাৰেচন সিন্দূৰ’ চলায়। এই সময়ছোৱাত তুৰস্কৰ সন্দেহজনক তৎপৰতা পোহৰলৈ আহে। অভিযোগ অনুসৰি সেই সময়ত তুৰস্কই যুদ্ধ জাহাজেৰে পাকিস্তানলৈ অস্ত্ৰ প্ৰেৰণ কৰিছিল। আজেৰবাইজানেও পাকিস্তানক সহায় কৰা বুলি অভিযোগ উঠিছিল। তুৰস্ক আৰু আজাৰবাইজানৰ সহায়ৰ বাবে ভাৰতৰ মাটিত পাকিস্তানে আক্রমণ কৰাৰ অধিক সুবিধা লাভ কৰিছিল বুলি ধাৰণা কৰা হৈছে। তুৰস্কৰৰ পৰা পোৱা ৩৫০টাতকৈ অধিক ড্রোন ভাৰতৰ বিৰুদ্ধে পাকিস্তানে ব্যৱহাৰ কৰিছিল বুলিও অভিযোগ অনা হয়। ইয়াৰ পিছতে দুয়োখন দেশৰ বিৰুদ্ধে ভাৰতত ক্ষোভৰ উদ্দ্গীৰণ ঘটিছে।