তুৰস্কৰ বিমান দুৰ্ঘটনাত লিবিয়াৰ সেনাৰ মুৰব্বীসহ ৮জন নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- তুৰস্কত এক ভয়াৱহ বিমান দুৰ্ঘটনা সংঘটিত হয়। তুৰস্কৰ ৰাজধানী আংকাৰাৰ ওচৰত সংঘটিত হয় এই ভয়াৱহ বিমান দুর্ঘটনা।এই দুর্ঘটনাত মৃত্যু হয় লিবিয়াৰ সেনাপ্রধান মহম্মদ আলী আহমেদ আল হাদ্দাৰৰ। এই দুর্ঘটনাত তেওঁৰ সৈতে মৃত্যু হয় লিবিয়াৰ আৰু চাৰিগৰাকী ঊর্ধ্বতন সামৰিক বিষয়া তথা তিনিগৰাকী বিমানকর্মীৰ। স্থানীয় সময় অনুসৰি নিশা ৮.৩০ বজাত বিমানখনে উৰা মৰাৰ আধাঘণ্টা পিছতে যান্ত্রিক বিজুতিয়ে দেখা দিয়ে বিমানখনত। জৰুৰী অৱতৰণৰ বাবে কন্ট্র’ল ৰুমলৈ পাইলটে বাৰ্তা প্ৰেৰণ কৰে যদিও তাৰ পিছৰে পৰাই বিমানখনৰ সৈতে কোনো যোগাযোগ কৰিব পৰা নাযায়। ৰাডাৰৰ পৰাও অদৃশ্য হৈ যায় বিমানখন। প্ৰতিৰক্ষা সংক্রান্তীয় বৈঠকৰ বাবে তুৰস্কলৈ যোৱা সেনাৰ দলটোৱে পিছত দুর্ঘটনাত পতিত হয়। ৰাজধানীৰ পৰা প্ৰায় ৭৪ কিলোমিটাৰ নিলগত বিমানখনৰ ধ্বংসাৱশেষ পিছত উদ্ধাৰ কৰা হয়। লিবিয়াৰ প্ৰধানমন্ত্ৰী আব্দুল-হামিদ দ্বেইবাহে বিমান দুৰ্ঘটনাত দেশখনৰ সামৰিক প্ৰধান মহম্মদ আলী আহমেদ আল হাদ্দাদকে ধৰি ৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। মঙলবাৰে সন্ধিয়া তুৰস্কৰ ৰাজধানী আংকাৰাৰ আনুষ্ঠানিক ভ্ৰমণৰ অন্তত লিবিয়াৰ এটা প্ৰতিনিধি দল তুৰস্কলৈ উভতি আহি থকা অৱস্থাতে এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঘটনাক আকস্মিক আৰু অত্যন্ত দুখজনক বুলি অভিহিত কৰি কয় যে, লিবিয়াৰ বাবে এয়া এক বৃহৎ লোকচান। আল-হাদ্দাদ পশ্চিম লিবিয়াৰ শীৰ্ষ সেনা মুৰব্বী আছিল আৰু লিবিয়াৰ প্ৰতিষ্ঠানসমূহৰ দৰেই বিভাজিত হোৱা লিবিয়াৰ সামৰিক বাহিনীক একত্ৰিত কৰাৰ বাবে চলি থকা ৰাষ্ট্ৰসংঘৰ প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । দুৰ্ঘটনাত মৃত্যু হোৱা আন ৪ গৰাকী বিষয়া হৈছে লিবিয়াৰ স্থল বাহিনীৰ মুৰব্বী জেনেৰেল আল-ফিটৌৰী ঘ্ৰাইবিল, সামৰিক উৎপাদন কৰ্তৃপক্ষৰ নেতৃত্ব দিয়া ব্ৰিগ. জেনেৰেল মাহমুদ আল-কাটাৱী, চীফ অৱ ষ্টাফৰ উপদেষ্টা মহম্মদ আল-আছাৱী ডায়াব আৰু চীফ অৱ ষ্টাফ কাৰ্যালয়ৰ সামৰিক ফটোগ্ৰাফাৰ মহম্মদ ওমৰ আহমেদ মাহজৌব ।অৱশ্যে প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ ক্ৰু মেম্বাৰ ৩ গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই । তুৰস্কৰ বিষয়াসকলে জনোৱা মতে আংকাৰাৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ (প্ৰায় ৪৩.৫ মাইল) দক্ষিণে অৱস্থিত হাইমানা জিলাৰ কেচিকাভাক গাঁৱৰ ওচৰত ফেলকন ৫০ টাইপ বিজনেছ জেটৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে । ইয়াৰ পূৰ্বে মঙলবাৰে সন্ধিয়া তুৰস্কৰ বিমান পৰিবহণ নিয়ন্ত্ৰকসকলে জনোৱা মতে আংকাৰাৰ এছেনবোগা বিমানবন্দৰৰ পৰা উৰণৰ পিছত লিবিয়ালৈ উভতি যোৱাৰ পথতে বিমানখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে।ইফালে এই দুৰ্ঘটনাৰ পিছতে আংকাৰাৰ বিমানবন্দৰটো সাময়িকভাৱে বন্ধ কৰি দিয়া হয় আৰু কেইবাখনো বিমান অন্য স্থানলৈ ডাইভাৰ্ট কৰা হয় । তুৰস্কৰ আইন মন্ত্ৰালয়ে জনোৱা মতে এই দুৰ্ঘটনাৰ তদন্তৰ বাবে ৪ গৰাকী বিষয়াক নিযুক্তি দিয়া হৈছে । ফেচবুকত প্ৰকাশ কৰা চৰকাৰী বিবৃতি অনুসৰি লিবিয়াই আংকাৰালৈ এটা দল প্ৰেৰণ কৰি তুৰস্ক কৰ্তৃপক্ষৰ সৈতে এই দুৰ্ঘটনাৰ তদন্তৰ কাম কৰিব ।
