তুমি হেনো মোক ভালপোৱা – ৰুমী কলিতা দত্ত

Pc Full forms
তুমি হেনো মোক ভালপোৱা
ৰুমী কলিতা দত্ত
কেন্দুগুৰি, ডিব্ৰুগড়
তুমি হেনো মোক ভালপোৱা
ভাবিলেই মোৰ আনন্দ লাগে
মনত  পৰি যায় নদীৰ কুলু কুলু শব্দলৈ
পানীৰ যুৱলিত ভৰিযোৰ নচুৱাই খেলা কৰিবলৈ
আৰু মন যায় কুলিজনীৰ স’তে গীত জুৰিবলৈ।
হিয়া ডোলে,মন নাচি উঠে
বতাহৰ লহৰে লহৰে
গছৰ কুঁহিপাতে সুহুঁৰি বজাই দিয়ে।
তোমালৈ মনত পৰিলেই
পক্ষীজাকে কিৰিলি পাৰি উঠে
মই মোৰ প্ৰেমাস্পদক পালেই
সন্ধিয়া আকাশত জোন-তৰা নাচে
প্ৰেম নামৰ  ডাৱৰবোৰে ৰ’লাগি থাকে
আৰু ….
ভালপোৱাৰ নদীখন সাগৰলৈ বৈ যাব খোজে।
তুমি মোক ভালপোৱা
ই যে কি-মা-ন মিঠা
হৃদয়ৰ পৰা আন এখন হৃদয়লৈ
মৰমবোৰে কৰে অহা-যোৱা ।
তুমি মোক ভালপোৱা
সেয়ে মোৰ প্ৰতিটো ভুলতেই
তুমি হাত ফুৰাই  দিয়া আলফুলে
কোনেও নজনাকৈ.নেদেখাকৈ।
প্ৰেম জানো এনেকুৱাই
ভাবিলেই হিয়া ভৰি যায় !