তুমি সেউজ সিক্ত হোৱা
পুলিন ডেকা
লঠঙা ডালত তুমি সেউজ সিক্ত হোৱা
চেলাউৰিৰ ভাঁজত
শুকাই থাকক কেইটামান উদঙীয়া পোহৰ
বুকুৰ নিঃসংগতম
ডাৱৰত তেজ হৈ বৈ আহে
আঙুলিৰ মূৰত ৰৈ থকা স্বপ্নবিহীন উজাগৰি ৰাতি
মোৰ কলিজাত ভটিয়াই যোৱা এখন নাও
ব’ঠাৰ ছন্দত পোহৰ ডুবে
মাথোঁ উজাই আহে কেইটামান শিশুৰ
জঁপিয়াই উঠা হাত
গছৰ পৰা এবুকু গভীৰতাত নৈখন শুকাইছে
শামুকৰ খোলাত বালিয়ে তুলি লৈছে
পানীৰ ভৰত আন্দোলিত হোৱা
সূৰুযৰ আবেলিৰ ৰং
সেউজীয়া পথটো অতিক্ৰমী এখন অৰণ্যই
জিৰাইছে শিলৰ এটা চুকত
শুকান নীলা শব্দত আকাশখনে লুকুৱাই
ৰাখিছে বৰ্ষণমুখৰ কপালৰ ঘাম
উশাহত তল্মল্ শেষ নিশাৰ সহস্ৰ পৰমায়ু
মদাৰৰ পোৰা ছালৰ ফাকত কেইটামান নির্বাক বিন্দু
সংঘাত-প্রতিহিংহাত বিধ্বস্ত মুহূর্তত
জ্বলি আছে সৰিয়হৰ সোণালী দিন
য’ত মই চিতাভস্মৰ দৰে সাৰ পাওঁ
সপোনৰ মধ্যমণিত।