তুমি যদি কবি হ’লাহেঁতেন – এছ ইছলাম

তুমি যদি কবি হ’লাহেঁতেন
এছ ইছলাম , বৰপেটা
তুমি যদি কবি হ’লাহেঁতেন
ধৰণীখন স্বৰ্গলৈ হ’লহেঁতেন পৰিবৰ্তন
প্ৰকৃতিৰ দলিচাত বহি দুয়োজন
একেলগে বসুমতীৰ গীত গালোঁহেতেন।
তুমি যদি কবি হ’লাহেঁতেন
সৌন্দৰ্য উপভোগ কৰিলোঁহেঁতেন
দুয়োজনে বহি বহি শেৱালিৰ তলত
প্ৰকৃতিৰ বিনন্দীয়া ৰূপ বসন্তৰ বতৰত।
তুমি যদি কবি হ’লাহেঁতেন
আহিনৰ চিপচিপিয়া বৰষুণত
একেলগে দুয়োজন তিতিলোঁহেতেন
উতলা যৌৱনৰ পয়োভৰত।
তুমি যদি কবি হ’লাহেঁতেন
বসন্তৰ আগমনত ফাগুনীবাইৰ লগত
কুলি-কেতেকীৰ দৰে মনোমোহা
সৰাপাতৰ গীত গালোঁহেতেন।
তুমি যদি কবি হ’লাহেঁতেন
লুকা-ভাকু খেলিলোঁহেঁতেন
জোনবাইৰ দৰে তৰাৰ লগত
এটুকুৰা ক’লা মেঘৰ আঁৰত।
তুমি যদি কবি হ’লাহেঁতেন
ইজনে সিজনৰ মনপৰশা
গীত গালোঁহেতেন
ভাল পালোঁহেঁতেন তোমাক সৰ্বক্ষন।