তুমি য’তেই আছা সুখত থাকা – ঈশ্বৰৰ পুত্ৰ জুবিন দা
উদয়ন চেতিয়া,ধেমাজি
তোমাৰ আকাশ চুবলৈ মন আছিল,
সাগৰ তলত শুবৰো মন আছিল তোমাৰ
সেইয়েহে তুমি লিখিছিলা,
‘আকাশে চুবৰে মন,
সাগৰ তলত শুবৰে মন।’
আজি সঁচাকৈয়ে তুমি
সাগৰ তলীত শুই পৰিলা।
অসমৰ আকাশত তোমাৰেই নাম
নক্ষত্ৰৰ দৰে জিলিকিছে,
সুৰৰ জাদুৱেৰে তুমি
জনতাৰ হৃদয় জয় কৰিছা,
গানেৰে তুমি মিলাই দিছিলা
হৃদয়ৰ আনন্দ-ব্যথাৰ কথাখিনি।
তুমি লিখিছিলা,
‘মনলৈ উভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি
আছিলোঁ তোৰে মৰমতে খেলি
মোৰো ভাল লাগে তাকে সোঁৱৰি’
আজি সঁচাকৈ মনত পৰিছে
সেই ল’ৰালিকাললৈ যেতিয়া
তোমাৰ গান শুনিয়ে
ডাঙৰ হৈছিলো,
কিন্তু, এতিয়া যেন তুমি নাই,
তুমি বিহিন আমি
জিয়াই থাকিব লাগিব।
জন্ম, মৃত্যু, বিবাহ
সকলোবোৰ ভগৱানৰ ইচ্ছাৰে হয়
কিন্তু, তুমি ইমান সোনকালে
যাবাগৈ বুলি ভবাই নাছিলো।
তুমি অবিহনে যেন
আমি সকলোবোৰ আধৰুৱা।
তোমাৰ অবিহনে যেন
এতিয়া খাওঁতে, শুওঁতে,
ক’ৰবাত ফুৰিবলৈ যাওঁতেও
সকলোতে কেৱল তোমাৰে নাম।
সকলোৱে কৈছে, তুমি বুলে
ঈশ্বৰৰ পুত্ৰ।
সচাঁকৈয়ে চাগৈ
তুমি ঈশ্বৰৰ পুত্ৰ আছিলা।
সেয়েহে তুমি লিখিছিলা,
‘মই নথকাৰ অনুভৱ
যিদিনা হ’ব তোমাৰ
সিদিনা অশ্ৰু নিগৰিবনে কোৱা’
লগতে তুমি লিখিছিলা,
‘মৰিম যিদিনা ঐ
একেডাল বাহঁকে তিনি চেওঁ কৰিব ঐ
মাজৰ চেওঁ কচালিৰ কামি
চাৰিজন মানুহে কান্ধত তুলি নিব’
আজি তোমাৰ অবিহনে যেন
গুতেই অসম মৈনাতৰে
ভৰি পৰিছে।
সকলোৱে যেন ভাগৰি পৰিছে
এনে লাগিছে যেন
আহিবা আকৌ ঘুৰি।
সকলোকে মাতখাৰ দিবাহি।
তুমি কৈছিলা
তোমাক বুলে জন্ত্ৰ দৰে
কাম কৰাইছিল।
সেয়েহে চাগে তুমি লিখিছিলা,
‘আমি যেন যন্ত্ৰ
যন্ত্ৰ
একো একোটা যন্ত্ৰ
যন্ত্ৰ
আমি আমি যেন যন্ত্ৰ
যন্ত্ৰ
একো একোটা যন্ত্ৰ
যন্ত্ৰ’
তোমাকলৈ নো আৰু কি লিখিম?
এতিয়া যেন শব্দৰো
অভাৱ হৈছে।
তুমি আছিলা নিৰপেক্ষ
সেয়েহে তুমি কৈছিলা,
‘মোৰ কোনো জাতি নাই,
মোৰ কোনো ধৰ্ম নাই,
মই নিৰপেক্ষ।’
জানা জুবিন দা,
তুমি যদিও লিখিছিলা,
‘পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
দুবেলা দু—সাজ ভাত খুটি খুটি খাওঁ
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু’
তুমি নোহোৱাৰ পৰা
যেন সকলোৱে তোমাৰ
মৃত্যুক লৈ এতিয়া ৰাজনীতি কৰিব ধৰিছে।
গ’লা গৈ দাদা তুমি
ইমান সোনকালে যে
তুমি নিৰ্মাণ কৰা চিনেমা
‘ৰৈ ৰৈ বিনালে’ ৰ
মুক্তি দিবলৈ ৰৈ নাথাকিলা।
গ’লা গৈ তুমি চিংগাপুৰৰ পৰা
আন এখন দেশলৈ
হয়টো সেই সময়ত তুমি
অসমত থকা হ’লে
তোমাক কোনেও যাব নিদিলে হয়।
তোমাৰ বিহিনে যেন
সকলোৱে ভাগৰি পৰিছে,
এতিয়া যেন চকু টুকিবলৈয়ো
চকুপানী নোহোৱা হৈছে।
মাথোঁ বিচাৰোঁ
তুমি য’তেই আছা
সুখত থাকা।
সেই ঈশ্বৰৰ পুত্ৰ জুবিন দা
এতিয়া তোমাৰ অবিহনে
আমি জিয়াই থাকিব লাগিব,
তোমাৰ স্মৃতিবোৰ সংৰক্ষণ
কৰিব লাগিব।
তুমি মাথোঁ য’তেই আছা
সুখত থাকা।
জানা জুবিন দা,
গৰিমা বৌয়েও
সদায় তোমাৰ কথাকে
চিন্তা কৰি ভাগৰি পৰিছে
তুমি বা কেনেকৈ আছা?
জানা দাদা,
তোমাৰ সমাধি ক্ষেত্ৰখনো
যেন মন্দিৰ হৈ পৰিছে।
আৰু জানা দাদা,
তোমাৰ সেই সমাধি ক্ষেত্ৰখনৰ নাম
জুবিন ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়ে
আৰু সকলোৱে তোমাৰ ক্ষেত্ৰত গৈ
যেন এগছি বন্তি প্ৰজ্বলন কৰি থৈ আহিছে।
আজি গুতেই অসম
তোমাক হেৰুৱাৰ বেদনাত
ভাগৰি পৰিছে।
