তুমি মোৰ মন হৃদয়ৰ অতি গোপন প্ৰাৰ্থনা – গকুল চৌধুৰী

Pc Vecteezy

তুমি মোৰ মন হৃদয়ৰ অতি গোপন প্ৰাৰ্থনা

গকুল চৌধুৰী,হাকামা,ধুবুৰী 

মোৰ প্ৰেম যদি হয় এখন থাপনা
মোৰ প্ৰেম হয় যদি  পূজা – অৰ্চনা
তেন্তে তোমালৈ মোৰ স্বৰ্গীয় প্ৰেম
সাতো জনমৰ নিৰলস সাধনা
তেন্তে তোমালৈ মোৰ পবিত্ৰ প্ৰেম
প্ৰতিটো জনমৰ নিৰন্তৰ কামনা  ৷
থাকিলেও থাকক দিয়া ইহ জন্মত
তোমাৰ লগত মোৰ বিবাহ মিলনত
হকা – বাধা
এই সমাজে সৃষ্টি কৰা নিয়মৰ উৰ্ধত
গৈ এদিন নহয় এদিন সময়ে ক’ব
পূৰ্বজন্মতে তোমাৰ লগত মোৰ
সাতো জনমৰ শুভ বিবাহ মিলন
হোৱাৰ কথা  ৷
হ’লেও হওক দিয়া তোমাৰ লগত
মোৰ প্ৰেম মিলন আধা আধৰুৱা
অপ্ৰাপ্তিৰ গল্প – কাহিনীৰে ভৰা
তথাপি মোৰ এই প্ৰেম ইতিহাসত
নথকা অতিত বুৰঞ্জীত নিলিখা
অলিখিত যদিও শ্ৰেষ্ঠ প্ৰেমগাঁথা  ৷
হ’লেও হওক দিয়া তোমাৰ লগত
মোৰ প্ৰেম মিলন আধা আধৰুৱা
বিচ্ছেদৰ দুখ – যন্ত্ৰণাৰে আবৰা  ৷
তথাপি মোৰ এই প্ৰেম পৃথিৱীতে
বিৰল, অদ্বিতীয় , শ্ৰেষ্ঠতম উপমা  ৷
প্ৰেম-প্ৰণয়ৰ এই পবিত্ৰ থাপনাত
পূজাৰ বেদিৰ ভক্তি আৰাধনাত
এগছি প্ৰেমৰ ধুপ – চাকি জ্বলাই
ৰাধা – কৃষ্ণক মোৰ প্ৰেমৰ সাক্ষী
কৰি থৈ
মৰম – ভালপোৱাৰ পুস্পাঞ্জলি
দি উঠি
ঈশ্বৰৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি
নিজেই নিজক তোমাতেই বিলিন
কৰি দিয়া
নিজেই নিজক তোমাতেই উছৰ্গা
কৰি দিয়া
তোমাকেই মোৰ জীৱনৰ সাৰথি
কৰি লোৱা
তোমাকেই মোৰ জীৱনৰ লগৰী
বুলি ভবা
কেতিয়াও কাকো নোকোৱা
কেতিয়াও কোনেও নজনা
কোনোদিনে কবলৈ নিবিচৰা
কোনোদিনে জানিবলৈ নিদিয়া
তুমি মোৰ মন – হৃদয়ৰ অতি
গোপন প্ৰাৰ্থনা  ৷