তুমি মোৰ বাবে কি? – নাচিমা য়াচমিন

তুমি মোৰ বাবে কি?

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

যদিহে কোনোবাই মোক সুধে,
মোৰ আটাইতকৈ ডাঙৰ দুখ কি?
হুমুনিয়াহ এটি কাঢ়ি উত্তৰ দিম,
তোমাৰ প্ৰতি ভালপোৱা।
আৰু যদি প্ৰশ্ন কৰে,
মোৰ আটাইতকৈ ডাঙৰ সুখ কি?
তেন্তে নিঃসন্দেহে উত্তৰ দিম
তোমাৰ ভালপোৱাক উপলব্ধি কৰা।
যদি প্ৰশ্ন কৰে “তুমি “মোৰ বাবে কি,
সুখ নে দুখ?
তেন্তে উত্তৰ দিম,
তুমি মোৰ সেই মায়া,
যি মায়াত মোৰ সুখ -দুখ নিৰ্ভৰ কৰে।