তুমি ব’হাগ  হৈ আহিবা- আয়শা ছিদ্দিকা(আছৰি), বাংলিপাৰা, বৰপেটা

P.C. bharat online

তুমি ব’হাগ  হৈ আহিবা

শুনাচোন

তুমি ব’হাগ হৈ আহিবা মোৰ

এই শুকান খৰাং জীৱনত

তোমাৰ প্ৰথম স্পৰ্শত

যেন জীপাল হৈ উঠে মনটো

যেনেকৈ বসন্তৰ প্ৰথমজাক

বৰষুণৰ স্পৰ্শত ভূ জী উঠে।

তুমি আহিবা ব’হাগ হৈ

মোৰ সৌন্দৰ্য্যহীন জীৱনত

তোমাৰ ৰঙত ৰঙীণ কৰি

ৰঙচুৱা কৰি তুলিবলৈ

যেনেকৈ কৃষ্ণচূড়াৰ ৰঙ পাই

ধৰা ৰঙীণ হৈ উলাহত নাচে।

তুমি ব’হাগ হৈ আহিবা

আশাহীন মোৰ এই জীৱনত

আগুৱাই যোৱাৰ সাহস গোটাই

জীৱন জীয়াৰ সপোন চিনাবা

যেনেকৈ বসন্তৰ আগমনে

প্ৰকৃতিয়ে নতুন আশা বুনে ।

তুমি আহিবা ব’হাগ হৈ

শান্তিহীন এই অশান্ত জীৱনত

তোমাৰ কথাৰ মধুৰ্যই শান্ত কৰিব

যেনেকৈ বসন্তৰ বতৰা পাই

পৃথিৱীয়ে  উগ্ৰতা  ৰূপ এৰি

 সবতে শান্তিৰ বা বিলাই ফুৰে।