তুমি নিউজ বিশ্বনাথ -দুলাল বৰা, বিশ্বনাথ চাৰিআলি 

P.C www.nature.org
তুমি নিউজ বিশ্বনাথ 
তলসৰা শেৱালীৰ সুগন্ধি
সোণালী আঘোণৰ মাদকতা
নিয়ৰৰ কোমল দূৱৰিক বিদায় দি
শিমলু,পলাশ ফুলৰ পৰাত
ধুলিয়ৰী বাটত খোজ দি
মেঘ আৰু নাৰিকল পাত মাজৰে
জোনাকীয়ে ভুমুকিয়োৱাৰ দৰে
নিৰ্ভক আৰু স্পষ্টবাদী
সংগ্ৰামৰ কঠীয়া সিঁচি জন্ম হ’ল
সি বিশ্বনাথত দিব্যজ্যোতিৰ ঔৰষত
” বিশ্বনাথ নিউজ” নামৰে সাহস আৰু
সাক্ষৰতা প্ৰসাৰ কৰি
এখুজি- দুখুজিকৈ
সাংবাদ, কলা -সংস্কৃতিৰ সাধক হৈ
উজ্বলাই তুলিৱলৈ গুপ্তকাশীৰ পৰা
অসম আৰু ভাৰতৰ মান ।
আজিতো সি চাৰি বছৰীয়া হ’ল
ধৈৰ্য প্ৰতিক হৈ জাতি-জনগোষ্ঠীৰ মিলনভূমিলৈ ৰূপান্তৰ হৈ ।
” অ ” আমাৰ ” বিশ্বনাথ নিউজ ” তোমাক জনাও
শতকৌটি প্ৰমাণ ও শুভেচ্ছা এই দৰে তুমি যোৱা আগুৱাই উজ্জ্বলহৈ উঠা অসম পৰা বিশ্বদৰবাৰত নিজস্ব বৈশিষ্ট্য প্ৰদান কৰি
এই আশা ৰাখিলোঁ আজি তোমাৰ পৰা
নৱ, নৱ প্ৰতিভা আৰু চিন্তাধাৰাৰ আমূল পৰিবৰ্তন সাধন কৰি তুমি বিলাই যোৱা সাহক আৰু ধৈৰ্য ঔদাৰ্য বোধ প্ৰতিজন মানুহৰ সচেতনতা কৰাই।
                                                                                                                                      দুলাল বৰা 
                                                                                                                                      বিশ্বনাথ চাৰিআলি