তুমি নাৰী – গিতালী ভৰালী

Pc Pexels

তুমি নাৰী

গিতালী ভৰালী, ডিব্ৰুগড়

নাৰীয়েই সৃষ্টি নাৰীয়েই শক্তি তুমি প্ৰকৃতি তুমি মাতৃ
সময়ে সময়ে হোৱা লক্ষ্মী,দুৰ্গা মা কালী
নাৰী তুমি অনন্য।
সমাজে কৰে তোমাক লাঞ্চিতা ।
নাৰী পুৰুষক এক বুলি কোৱা জনেই আকৌ নাৰীক কৰে বঞ্চিতা, ধৰ্ষিতা।
সমতাৰ কথা কোৱা সকলে নাৰীক কৰে তেওঁৰ অধীনষ্ঠ।

এইয়া কেনে নিয়ম?

নাৰী বিভিন্ন গুণৰ অধিকাৰী।নাৰী এক শক্তি,নাৰী আদৰ্শ,নাৰী দয়া,নাৰী মমতাময়ী , নাৰী ত্যাগ ধৈৰ্য্য সহনশীলতাৰ এক উৎস।

মানৱসমাজৰ সৃষ্টিৰ মূল আধাৰেই হল নাৰী। নাৰী সকলো ৰূপতে এই সৃষ্টিত বিৰাজ মান হৈ আছে ,কন্যা ,মাতৃ পত্নী,ভগ্নী,ইত্যাদি ।নাৰীয়ে প্ৰ্তিটো ৰূপতে নিজৰ কৰ্তব্য পালন সুচাৰুৰূপে কৰি আহিছে তাৰ মাজতো নাৰী সমাজ নানান নিৰ্যাতনৰ বলি হৈছে।

আধুনিকতাৰ লগে লগে নাৰীয়ে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে লগতে কৰ্মৰ ক্ষেত্ৰত পুৰুষৰ সমানে বিভিন্ন ক্ষেত্ৰত আগুৱাই গৈছে। ই এক প্ৰকাৰৰ শুভ সংকেত।

নাৰী এতিয়া অবলা নহয় আজিৰ নাৰী স্বাধীন, তাহানিৰ দৰে এতিয়া আৰু ওৰণিৰে মুখ ঢাকি নিজৰ সপোনৰ বোৰক টোপোলা বান্ধি নিজক আৰু কষ্ট নিদিয়ে তেওঁৰ হেজাৰ দায়িত্ব আৰু দুখৰ আঁৰতো নিজক এমোকোৰা হাঁহিৰে নিজক প্ৰদৰ্শন কৰে।

এগৰাকী নাৰী তেতিয়া লৈকে লখিমি যেতিয়ালৈকে লাজসনা চকুৰে নিজকে ত্যাগ কৰি এগৰাকী আজলী পত্নী বোৱাৰী হিচাপে নিজক পদৰ্শন কৰে তেতিয়ালৈকে নাৰী চৰিত্ৰত কথা নাহে ।

কিন্তু যি দিনৰ পৰাই এগৰাকী নাৰীয়ে অন্যায়ৰ বিৰোধিতা কৰিব শিকি যাই তেতিয়া কিন্তু নাৰী গৰাকীক বিভিন্ন ধৰণেৰে শাসন কৰা যাই ।

এগৰাকী নাৰীয়েনো বিচাৰে কি অকণমান আত্মসন্মান,বিশ্বাস, মৰম চেনেহ নহয় জানো?

যদি এই আত্মসন্মানৰেই অৱহেলা এদিন নহয় এদিন তেওঁ ন্যায় হকে যুঁজিবলৈ সৰ্বস্ব ধংস কৰিবলৈও কুন্ঠাবোধ নকৰে।

পত্নী

এগৰাকী নাৰী যেতিয়া কাৰোবাৰ বোৱাৰী অথবা  পত্নী হয় তেওঁৰ আপোন মানুহৰ মৰম ঘৰখন সকলো ত্যাগ কৰি এখন নতুন ঘৰ নিজৰ কৰি লয়।

পুৱাৰ পৰা নিশালৈ নিজক পাহৰিও নতুন ঘৰখনৰ মানুহ খিনিৰ বাবে সকলো কৰ্তব্য পালন সুচাৰুৰূপে কৰি থাকে মাজে মাজে দুই এটা তিতা কেহা ব্যৱহাৰো পাই ,তথাপিও

নাৰী যে তেওঁ  যিমান দুৰ্বল  যিমান দয়ালোও হয় সেইবাবেই চাগৈ নাৰীক সহজতে দুখ জাপি দিযে, নাৰীয়ে নিজৰ বাবে আনক কষ্ট দিব নোৱাৰা হেতুকে বহু কথা নিজৰ মাজতে প্ৰকাশ নকৰাকৈ লোকোৱাই ৰাখে, শ্ৰদ্ধা ,সন্মান মৰম আদৰ পালেই হাঁহি হাঁহিও কষ্ট বোৰক সহজ কৰি আগুৱাই লৈ যাব পাৰে।

যৌতুক

আমি জনা মতে এইয়া হেনো এক প্ৰথা যি প্ৰথা এগৰাকী কন্যাৰ বিবাহৰ সময়ত কন্যাৰ পৰিয়ালৰ পৰা দৰাৰ পৰিয়াললৈ বহুত মূল্যৱান সামগ্ৰী,দিয়াটো এটা বাধ্যতা মূলক হস্তান্তৰ প্ৰক্ৰিয়া।

ই এক প্ৰকাৰৰ চিন্তনীয় বিষয়,এই প্ৰথাৰ বাবে এগৰাকী নাৰীৰ ওপৰত নিৰ্যাতন, ঘৰুৱা হিংসা,হত্যা, আত্মহত্যা দৰে হিংসাত্মক ঘটনা সংঘটিত হব ধৰিছে।

কেতিয়াবা আমাৰো দিষ্টিগোচৰ হয় ।

বিভিন্ন  বাতৰি কাকতত,দূৰদৰ্শন অথবা সামাজিক মাধ্যমত এগৰাকী নাৰীৰ যৌতুকৰ বাবে জ্বলাই দিয়া মাৰ পিত হত্যা , আত্মহত্যা ঘৰৰ পৰা খেদাই দিয়া নানান ধৰণৰ সমস্যা ।

বিয়া মানে দুখন ঘৰ দুটা জীৱনৰ এটা সুমধুৰ মিলন যত যৌতুক নামৰ শব্দটোৰ তাত অৰ্থহীন যেন লাগে। এজনী ছোৱালীত কৈ জানো আৰু কিবা মূল্যৱান কিবা হব পাৰে সৰুৰ পৰা আলাসত ডাঙৰ কৰা ছোৱালী জনিকেই চোন দি দিয়া হয় তাৰ পিছতো জানো যৌতুক দিয়াৰ কিবা যুক্তি থাকে ।

খাটি খোৱা মানুহৰ বাবে ই এক শাস্তি ,কিয়নো তেওঁলোক অসমৰ্থ  যৌতুকৰ সৈতে ছোৱালীৰ বিয়াখন আয়োজন কৰাৰ ,যেনে তেনেকৈ বিয়াখন পতৰে যত তেওঁলোকৰ বাবে কষ্টকৰ হৈ পৰে।

আগৰ ককা আইতা হতে কোৱা শুনিছিলো ছোৱালী বিয়া কৰাই আনিলে এটি তামোল পাণেই যথেষ্ট বুলি এতিয়াও যদি এনে প্ৰ্থাই থাকিল হয় নাৰী কেতিয়াও অৱহেলিত আৰু নিৰ্যাতন নহল হয় ।

সেয়েহে নাৰীক যৌতুকৰ সলনি শিক্ষা অৰ্থনৈতিক স্বাৱলম্বিতা সামাজিক সজাগতাৰ বাবে উৎসাহিত কৰক ।

মাতৃ

মা মনেই যেন মৰম মা মনেই যেন শক্তি।

মাৰ দুবাহুত আছে পৃথিৱীৰ শান্তি আৰু আনন্দ ,মা শব্দতেই যেন শেষ হয় প্ৰতিজন সন্তানৰ ভয় আৰু অভিমান বোৰ।

সৰু সৰু কথাতেই যে ফুটি উঠে আমাৰ মুখত মা শব্দটি এইয়াই মা নামৰ মোহনীয় মানুহ জনিৰ মাতৃস্নেহ।

মা সঁচাই অনন্য, মাৰ দৰে আন কোনোবাই জানো ত্যাগ কৰিব পৰা আৰু স্নেহ কৰিব পৰা শক্তি আছে নিশ্চই নাই ।নিজে পেটত ভোক ৰাখি চকুত টোপনি ৰাখি অসুস্থ দেহাটি লৈয়ো সন্তানক মুখত এমুঠি অন্ন দিয়ে কিন্তু নিজে হয়টো কোনোবা ৰাতি নোখোৱাকৈ নোহোৱাকৈও থাকি গৈছে ।

মা যে লখিমী মা মানে যে ধৰণী ধৰোঁতা,সন্তানৰ অসুস্থ দেহাটি দেখিলে নিজৰ দেহৰ অংগ দি হলেও সন্তানক জীৱন দিব খোজা সেই উদাৰ দেৱীস্বৰূপ মানুহ জনিয়েই হল মা।

আইৰ তুলনা কতোয়েই নাই আই  নিস্বাৰ্থ,সাহস,প্ৰেৰণা,স্নেহ , ত্যাগৰ প্ৰতীক  ।

কিন্তু এই হেজাৰ ত্যাগ কৰা মানুহজনীযে সন্তানৰ পৰা  অৱহেলাৰ হোৱা দেখিছো ,মাতৃক বন কৰা মানুহৰ দৰে ব্যৱহাৰ কৰা ,আৰু দেখিছো সন্তান থকাৰ পাছতো  বৃদ্ধাশ্ৰমত  মাতৃ থকা।

এনেকোৱা কি অভাৱ যে এটা  সময়ত নিজ সন্তানক পেটত ৰাখি নানান সম্যাৰে দিন ৰাতি একাকাৰ কৰি এটা সন্তান জন্ম দি টোপ পৰিব নিদিয়াকৈ ডাঙৰ দীঘল কৰি এটা মানুহ কৰে নিজৰ সৰ্বস্ব সন্তানক উজাৰি দিয়াৰ পাছতো নিজ মাতৃক বাবে অকণমান মৰম আদৰ ত্যাগ অকণমান থকাৰ ঠাই কিয় নোহোৱা হৈ যাই?

আজিৰ পৃথৱীখন যে দেখিছে কেৱল সম্ভৱ এই আইৰ বাবে ।

আইয়ে যিদৰে দুবাহুত সোমোৱাই স্তন পান কৰাইছিল সৰু সৰু কথাতেই সন্তানক ভয় মুক্ত কৰাইছিল থিক সেইদৰে প্ৰতিজন সন্তানৰ দায়িত্ব মাযে কষ্ট পালে মৰমেৰে দুবাহুত সোমোৱাই আশ্বাস দিয়াৰ যে তোমাৰ বাবে মইটো আছো মা।

মা শব্দটো বৰ  নিস্বাৰ্থ মা মনেই আশীৰ্বাদ।

কন্যা সন্তান

নাৰী প্ৰতিটো ৰূপতে ধুনীয়া।

বহুক্ষেত্ৰত কন্যা সন্তান জন্ম দিয়াৰ পাছত অৱহেলা কৰা দেখা যাই।কন্যা সন্তান হৈছে এখন ঘৰৰ এটা পৰিয়ালৰ সৌভাগ্য ভবিষ্যতৰ আশা ।

কন্যা সন্তান কিন্তু সকলোৰে ঘৰত নজন্মে ,যেতিয়া এজনী ছোৱালীৰ জন্ম হয় সেইখন ঘৰত আই লক্ষ্মীৰ কৃপা লাভ কৰা বুলি ধৰা হয় ।সেই ঘৰখনত অনবৰতে এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি হয়, ছোৱালী মনেই ধুনীয়া পৰিপাটি, সকলোৰে মন বোজা ,মৰমেৰে সকলোকে আকৰ্ষিত কৰা।

ছোৱালী এজনীযে নোৱাৰে কি আজিৰ তাৰিখত সকলো সম্ভৱ কৰি তুলিছে লৰাৰ সমানে এখন ঘৰ এটা অফিচ , এখন দেশ শাসন কৰিব পাৰিছে তেতিয়াহলে কন্যা সন্তান কিয় কাৰোবাৰ বাবে বোজা হৈ পৰে , যেতিয়া আমি দেখো কিছুমান বা বাতৰিত লৰা সন্তানে মাতৃ পিতৃক ঘৰৰ পৰা উলিয়াই পঠিয়ালে তেনেক্ষেত্ৰত আমি দেখো যে এদিন কন্যা সন্তান বুলি অৱহেলা কৰা সেই ছোৱালী জনিয়েহে আঁকোৱালি লয়।

পাৰ্থক্য একো নাই লৰা সন্তানে যি কৰে এজনী ছোৱালীয়েও সমানে পৰিচালিত কৰিব পাৰে তথাপিও উত্তৰাধিকাৰি হিচাপে সদায়ে লৰা সন্তানকেই কামনা কৰি থাকে ,তেওঁলোকে ভাবে যে তেওঁলোকৰ বুঢ়া কালৰ লাখুটি ডাল সেই লৰা সন্তানেই হব পৰিব ,তেওঁলোকৰ মৃত্যুত লৰা জনেহে মুণ্ডন কৰি আত্মা মুক্তি দিব পাৰিব আৰু ভৱিষ্যত কুল ৰক্ষা কৰিব আনহাতে ছোৱালীৰ ক্ষেত্ৰত কয় যে এজনী ছোৱালী কেৱল এচপৰা বেৰৰ মাটিৰ দৰে গুৰিয়াই দিলেই হেনো খহি পৰে ইয়াৰ অৰ্থ হল যে এজনী ছোৱালী যথেষ্ঠ দুৰ্বল বুলি ধৰা হয়।সততে শুনিবলৈ পোৱা এটা কথা লৰা তোলে পুণ্য লৈ আৰু ছোৱালী তোলে দানলৈ এই কথাষাৰী মাত্ৰ কোৱা কথা। লৰা তোলাটো যিমান পুণ্য ছোৱালী তোলাটোয়ো সিমানেই পুণ্য ।দান দি যে তেওঁলোকক পুণ্য অৰ্জন কৰিবলৈ সুবিধাকন দিছে সেইটো জানো কম মহান কাম , কিন্তু দান দিয়াৰ পিছতো এজনী ছোৱালীযে সিমানেই কৰিব পাৰে যিমান এটা লৰা সন্তানে কৰে ,প্ৰতিটো খোজত মাক দেউতাকৰ সহায় হব পৰা সমৰ্থ আৰু অধিকাৰ থাকে।  ছোৱালীৰ প্ৰতি  আচলতে এই ধাৰণা বোৰ একেবাৰেই ভুল কৰি আহিছে সমাজে ,লৰা ছোৱালী দুয়ো সন্তান একেই সকলো সম্ভৱ আজিৰ তাৰিখত। এজনী ছোৱালীক শিক্ষাৰ লগতে তাই ভাল পোৱা সকলো কাম মুকলি মুৰীয়ালৈ কৰিবলৈ অনুপ্ৰাণিতহে কৰক  তাইক বিয়াত বহিবলৈ হেঁচা নিদিব কিয়নো বিয়া খন দি দিলেই আপোনালোক আজৰি নহয় বা দায়িত্ব শেষ নহয় যদি ছোৱালীৰ জীৱন  সংগী জন বেয়া ওলাই তেতিয়াহলে ধুনীয়া জীৱনটো আপোনালোকেই ধ্বংস কৰা হব। ছোৱালীজনীক শিক্ষিত আৰু সাসহি কৰি তোলক ।