তুমি
দৰিনা পায়ুন
মাজুলী
ৰাতি চকু বন্ধ কৰিলেও টোপনি নাহে।
নিঃশব্দ সময়বোৰত হঠাতে তোমাৰ কথা মনত পৰে—
আৰু আঙুলিটো নিজে নিজেই তোমাৰ নামত গৈ থমকি ৰয় ।
মই লিখোঁ—“তুমি ভালেই আছা নে?”
পিছে পঠাব নোৱাৰোঁ…
কাৰণ এতিয়া আমাৰ মাজত কথা পতা নহয়,
এটা অদৃশ্য দূৰত্ব আছে—
যি দূৰত্বত শব্দবোৰো হেৰাই যায়।
মই ভাবোঁ—
তুমি হয়তো এতিয়া সুখত আছা,
নতুন মানুহৰ লগত কথা পাতি আছা…
আৰু মই?
মই এতিয়াও পুৰণি স্মৃতিবোৰত বন্দী হৈ আছোঁ।
মই সুধিব খোজোঁ—
তুমি সঁচাকৈয়ে মোক পাহৰি গ’লা নে?
নে কেৱল দেখুৱাইছা যে পাহৰি গ’লা?
শেষত নিঃশব্দ হৈ ৰওঁ …
আৰু সেই প্ৰশ্নটো
আকৌ এবাৰ মনৰ ভিতৰতেই ৰাখোঁ।
