তুমি আজি বন্দী স্বাধীনতা…
স্বাধীনতা….
স্বাধীনতা আজি ক’ত গ’লা?
পৰাধীনতাৰ শিকলি ছিঙি
তুমিতো আহিছিলা…
ৰঙা তেজৰ ফাকু খেলি
মাতৃৰ বুকু উদং কৰি
ডেকা বুঢ়াৰ প্ৰানৰ বিনিময়ত
নদ-নদী
পাহাৰ-পৰ্বত
হাবি-জংঘল
ৰ’দ বৰষুণ
একাকাৰ কৰি
অসংখ্যজনৰ
আহুতিৰ বিনিময়ত
স্বাধীনতা তুমি আহিছিলা…
মুক্ত আকাশৰ তলত
গছ-বিৰিখ
চৰাই-চিৰিকতি
ফুল-ফল
সকলোতে মাথো
তোমাৰেই জয়গান
সকলোৰে আকুল-ব্যগ্ৰতাৰ
মুল্য তুমিতো দিছিলা
তুমি আহিছিলা…
শত শত জনৰ
ৰক্তৰে ৰঞ্জিত
দলিচাত ভৰি থৈ
তুমি আহিছিলা স্বাধীনতা…
ক’ত জনৰ চিৎকাৰ
ক’ত জনৰ আৰ্তনাদ
ক’ত জনৰ হুমুনিয়াহৰ ছন্দত
তুমি আহি
দুহাত প্ৰসাৰি
সকলোকেতো আকোৱালি লৈছিলা
কিন্তু এয়া কি???
এচপৰা কলিয়া ডাৱৰ যেন হৈ আহি
স্বাধীনতাৰ উদিত সূৰ্যটোক ঢাকি
পৰাধীনতাৰ শিকলিৰে
সকলোকে মেৰিয়াই
তীব্ৰ অট্টহাস্যৰে
বন্দীত্ব জীৱন প্ৰদান কৰি
স্বাভাৱিক গতি ৰদ্ধেৰে
ল’ৰা,ডেকা,বুঢ়া সকলোৰে
জীৱনৰ বাট সলনি কৰি
চকুৰ লোটকত স্নান কৰি
মাথো এটি ভাইৰাছ হৈ ধ্বংস যজ্ঞৰে
ক’ত যে প্ৰান কাঢ়ি নি
ৰুদ্ধ শ্বাস পৰিস্থিতি উপহাৰেৰে
কি প্ৰতিপন্ন কৰিছা তুমি?
কোৱা স্বাধীনতা…
পিছে পৰাধীনতাৰ এই মেৰপেছ
তেনেই ক্ষন্তেকিয়া
আকৌ সুদিন ঘূৰিব
আকৌ গছ-বিৰিখ
চৰাই-চিৰিকতি
ফুল-ফল সকলোৱে
মুক্ত মনেৰে হাঁহিব
বন্দীত্ব জীৱনক
ভৰিৰে মোহাৰি
মনুষ্যগনে আকৌ
তোমাৰেই জয়গান গাব…
স্বাধীনতা….
দেবাশীষ গোস্বামী
৭৮৯৬৭২১৮৭৭