তীৰ্থস্থান হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ – অনামিকা (সংগীতা)কলিতা

তীৰ্থস্থান হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

তীৰ্থ নগৰী হাজো।।অসমৰ পঞ্চতীৰ্থ ভিতৰত হয়গ্ৰীৱ মাধৱ মন্দিৰ অন্যতম ।এই মন্দিৰৰ কিংবদন্তী বহু পুৰণি ইতিহাস আছে। হয়গ্ৰীৱ মাধৱ মন্দিৰ গুৱাহাটীৰ পৰা ২০ /৩০   কিলোমিটাৰমান হ’ব। হয়গ্ৰীৱ মাধৱ মন্দিৰ কামৰূপ জিলাৰ  অন্তৰ্গত হাজোৰ মনিকূট পাহাৰৰ সৰু টিলা এটাত অৱস্থিত। হিন্দু সকলৰ পৱিত্ৰ স্থান যদিও ইয়াত হিন্দু -মুছলমান সকলো ধৰ্মৰ লোক একেলগে  বসবাস কৰি আছে ।  বৌদ্ধ ধৰ্মৰ লোকসকল  এই মন্দিৰ দৰ্শনলৈ প্ৰায় আহে। মন্দিৰৰ কাষৰ টিলাৰ তলত এটা ৰজাদিনীয়া পুখুৰী আছে , সেই পুখুৰীটোত মাছ ,কা’ছ আদিৰে পৰিপূৰ্ণ। সুন্দৰ খটখটীৰে নামি গৈ  পুখুৰীত ভৰি ধুব পাৰি ,পুখুৰীৰ পাৰতে মেলাৰ দৰে সৰু সৰু দোকানবোৰত চাকি বন্তী ফুল আদিকে ধৰি বিভিন্ন সামগ্ৰীৰে ভৰপূৰ।কাতি মাহত মাধৱ মন্দিৰত তুলসী দিৱলৈ  অহাতো পূৰ্বপুৰুষৰ পৰা চলি আহিছে , বিশ্বাস কৰে  তুলসী দিলে পৰিয়ালটোৰ বছৰৰ কাৰণে অপায় অমঙ্গল দূৰ হয়। আমাৰ বস্ত্ৰনগৰী শুৱালকুছিত অশোকাষ্টমীৰ  দিনা  ব্ৰহ্মপুত্ৰত  হয়গ্ৰীৱ মাধৱ মন্দিৰ গোঁহাইক স্থান কৰিবলৈ আহে ,এয়া আমাৰ সৌভাগ্য শুৱালকুছি বাসীৰ তেখেতৰ চৰণৰ  পদধূলাই  আমাক  পৱিত্ৰ কৰি তোলে।