তীৰ্থনগৰী হাজো – সমন্বয়ৰ পূণ্যভূমি – যুগান্ত দাস

তীৰ্থনগৰী হাজো – সমন্বয়ৰ পূণ্যভূমি

মূল — সত্যজিৎ চৌধুৰী
অনুবাদ — যুগান্ত দাস

অসম ভ্ৰমণত ভ্ৰমণকাৰীসকলৰ ভ্ৰমণ তালিকাত থাকে মা কামাখ্যা মন্দিৰ দৰ্শন আৰু গুৱাহাটী চহৰৰ মাজ মজিয়াত থকা অন্যান্য দ্ৰষ্টব্য স্থান যেনে — শুক্লেশ্বৰ ঘাট , উমানন্দ মন্দিৰ , বশিষ্ঠ মন্দিৰ , বালাজী মন্দিৰ ইত্যাদি । যি সকল লোক ঐতিহাসিক প্ৰত্নতাত্বিক নিদৰ্শন চাবলৈ উৎসাহী , এটা দিন হাতত লৈ ঘূৰি আহিব পাৰে গুৱাহাটী চহৰৰ পৰা মাত্ৰ ৩২ কি. মি. দূৰত অৱস্থিত তীৰ্থ নগৰী হাজো ।

হিন্দু , মুছলিম আৰু বৌদ্ধ এই তিনি ধৰ্মাৱলম্বী লোকৰ বাবে হাজো এক পবিত্ৰ পূণ্য ভূমি । ইয়াৰ মাজৰ অন্যতম হাজোৰ মণিকূট পৰ্বত নাম এটিৰ টিলাৰ ওপৰত অৱস্থিত পূণ্য তীৰ্থ হয়গ্ৰীব মাধব মন্দিৰ । ইয়াত বিষ্ণুৰ অৱতাৰ হয়গ্ৰীবৰ পূজা – অৰ্চনা কৰা হয় । সংস্কৃত ভাষাত ‘হয়’ মানে ঘোঁৰা আৰু ‘গ্ৰীবা’ৰ অৰ্থ মূৰ । সেয়ে মন্দিৰক ‘হয়গ্ৰীব মন্দিৰ ‘ বুলিও সম্বোধন কৰা হয় ।বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবেও ই এক পবিত্ৰ স্থান । ভক্তসকলে বিশ্বাস কৰে যে গৌতম বুদ্ধ , শৰীৰ ত্যাগ কৰি এই স্থানলৈ আহি মোক্ষ বা নিৰ্বাণ লাভ কৰিছিল ।

কিংবদন্তী প্ৰবাদ অনুসৰি ‘মধু’ আৰু ‘কৈটভ’ নামৰ দুইজন অসুৰে বেদৰ সৃষ্টিৰ সময়ত ব্ৰহ্মাৰ ওচৰৰ পৰা বেদ চুৰ কৰি লৈ যায় । ব্ৰহ্মাই বিষ্ণুক নিদ্ৰাৰ পৰা জগাই বেদ উদ্ধাৰৰ বাবে অনুৰোধ কৰে । তেতিয়া বিষ্ণুৱে ‘হয়গ্ৰীব’ ৰূপ ধৰি পাতালত প্ৰৱেশ কৰে আৰু বেদসমূহ উদ্ধাৰ কৰি ব্ৰহ্মাৰ হাতত ওভতাই দিয়ে । তাৰ পিছত বিষ্ণুৱে উত্তৰ-পূৱ দিশত শয়ন কৰে । মধু আৰু কৈটভ ঘূৰি আহি বিষ্ণুক যুদ্ধৰ বাবে আহ্বান কৰে । সেই যুদ্ধত বিষ্ণুৱে অসুৰ দুজনক পৰাস্ত কৰে ।

কালিকা পুৰাণ মতে , এই তীৰ্থস্থানৰ প্ৰতিষ্ঠাতা ঔৰ্ব ঋষি । ভগৱান বিষ্ণুৱে ঔৰ্ব ঋষিৰ তপস্যা ভঙ্গকাৰী জ্ববাসুৰ, হয়াসুৰ ইত্যাদি পাঁচজন অসুৰক বধ কৰি হয়গ্ৰীৱ মাধৱ নামে এই পৰ্বতত অৱস্থান কৰে । হয়গ্ৰীৱ মন্দিৰ এটা প্ৰাচীন মন্দিৰ হ’লেও বৰ্তমানৰ নিৰ্মাণ পৰৱৰ্তী সময়ৰ । কালাপাহাৰে প্ৰাচীন মন্দিৰ ভঙাৰ পিছত কোচৰজা ৰঘুদেৱে ১৫৪৩ খ্ৰীষ্টাব্দত মন্দিৰটো পুনৰনিৰ্মাণ কৰে । কিছুসংখ্যক ঐতিহাসিক বিদৰ মতে পাল বংশৰ ৰজাই ষষ্ঠ শতাব্দীতে এই মন্দিৰ নিৰ্মাণ কৰিছিল ।

হয়গ্ৰীৱ মন্দিৰ শিলেৰে নিৰ্মিত । মন্দিৰটোৰ গাত হাতীৰ প্ৰতিমূৰ্তি খোদিত কৰা আছে । এই বিলাক অসমীয়া স্থাপত্যৰ নিদৰ্শন বুলি উল্লেখ কৰা হয় । সমস্ত মন্দিৰটো ইটাৰ স্তম্ভৰ ওপৰত স্থাপিত , যিবিলাক মূল মন্দিৰৰ লগত পৰৱৰ্তী সময়ত সংযোগ কৰা হৈছে বুলি অনুমান কৰা হয় ।

মন্দিৰটো তিনিটা ভাগত বিভক্ত — গৰ্ভগৃহ ( তল ভাগ ) , মধ্য ভাগ আৰু শিখৰ ( ওপৰ ভাগ ) । মন্দিৰলৈ যোৱা বাটটো গ্ৰেনাইট শিলেৰে নিৰ্মিত ।

মন্দিৰৰ বাহিৰৰ বেৰত বিষ্ণুৰ দশাৱতাৰৰ বৰ্ণনা কৰা ভাস্কৰ্য আছে , যাৰ ভিতৰত নৱম অৱতাৰ ‘বুদ্ধদেৱ’ অন্যতম । অন্যান্য ভাস্কৰ্য বিলাক চিনাক্ত কৰিব পৰা নগ’লেও বেছি ভাগেই পুৰুষাকৃতিৰ আৰু হাতত ত্ৰিশূল লৈ আছে । মূল মন্দিৰৰ ওচৰত আহোম ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰা এটা সৰু মন্দিৰ আছে । ইয়াত প্ৰতিবছৰে দৌল উৎসৱ ধুমধামেৰে পালন কৰা হয় । মাধৱ মন্দিৰৰ সন্মুখত ‘মাধৱ পুখুৰী’ নামৰ এটা ডাঙৰ পুখুৰী আছে । পুখুৰীত শতায়ু গৰকা কাছবিলাক দেখিবলৈ পোৱা যায় ।

মণিকূট পৰ্বতৰ পাদদেশত ‘চৈতন্য ঘোপা’ নামৰ এটা গুহা আছে । প্ৰাচীন পুথিপত্ৰৰ মতে শ্ৰী চৈতন্য মহাপ্ৰভু, কোচৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত অসমলৈ আহে আৰু ভাগৱত প্ৰচাৰ কৰে । শঙ্কৰদেৱ আৰু শঙ্কৰ শিষ্য দামোদৰদেৱৰ সৈতে শ্ৰীচৈতন্যৰ সাক্ষাৎকাৰ আদি প্ৰসংগৰ নানা তথ্য ও পোৱা যায় । যোগিনী তন্ত্ৰৰ কাহিনী মতে উড়িষ্যাৰ ৰজা ইন্দ্ৰদুম্ন্যই সপোনত পোৱা পুৰীৰ সমুদ্ৰতীৰত ভাঁহি অহা বিশাল গছডাল কুঠাৰেৰে সাতটি খণ্ড কৰিছিল । তাৰ মাজৰ দুটি খণ্ড কামৰূপলৈ লৈ আহি তাৰ পৰা হয়গ্ৰীৱ আৰু মাধৱৰ ( মৎস্য অৱতাৰ ) বিগ্ৰহ তৈয়াৰ কৰে । অৰ্থাৎ ক’ৰবাত যেন জগন্নাথ পুৰীৰ লগত কামৰূপৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সম্পৰ্ক আছে। কথিত আছে , পুৰী জগন্নাথ মন্দিৰ দৰ্শনৰ পিছত অসমৰ এই নীলমাধৱ মন্দিৰ দৰ্শন নকৰিলে পূণ্য লাভ নহয় ।

হাজোৰ লগত বংগৰ এটা যোগসূত্ৰৰ কথা এই প্ৰসংগত উল্লেখ কৰি পৰা যায় । কথিত আছে যে , সপ্তদশ শতিকাৰ শেষভাগত মুঘল‌ সকলে হাজোত বুলবুলি চৰাইৰ যুঁজ আৰম্ভ কৰিছিল । ভোগালী বিহুৰ ( মাঘ সংক্ৰান্তি ) দিনা মণিকূট পাহাৰৰ মাধৱ মন্দিৰৰ চোতালত এই যুঁজৰ আয়োজন কৰা হয় । ঊন্নৈশ শতিকাত কলকাতাৰ বাবুসকলে হাজোৰ পৰা এই বুলবুলি চৰাইৰ যুঁজৰ পৰম্পৰা বংগলৈ লৈ আহে ।

‌হাজো চহৰৰ প্ৰৱেশদ্বাৰত গৰুড়াচল পৰ্বতৰ ওপৰত অৱস্থিত মুছলমান ধৰ্মাৱলম্বীসকলৰ উপাসনাৰ স্থল পোৱামক্কা । ইয়াত মছজিদ আৰু মাজাৰৰ দুটা অংশ বিৰাজমান হৈ আছে । কামৰূপ প্ৰদেশৰ প্ৰথম মুছলমান ধৰ্ম প্ৰচাৰক চুলতাল গিয়াচুদ্দিন আউলিয়াৰৰ সমাধিস্থল । সম্ৰাট শ্বাহজাহানৰ ৰাজত্বকালত আৰু প্ৰিন্স চুজাৰ গভৰ্ণৰশ্বিপত ১৬৫৭ খ্ৰীষ্টাব্দত এই পবিত্ৰ মছজিদটো নিৰ্মাণ কৰা হৈছিল । কথিত আছে যে মক্কাৰ পৰা এক পোৱা মাটি এই মছজিদৰ ভিঠিত দিয়া হৈছিল , সেয়ে মছজিদটোৰ‌ নাম পোৱামক্কা হৈছে । হিন্দু মুছলমান উভয় সম্প্ৰদায়ে এই তীৰ্থস্থানলৈ আহি মনোকামনা পূৰণৰ উদ্দেশ্যে সেৱা গ্ৰহণ কৰে ।‌ভক্তসকলৰ বিশ্বাস যে এই স্থান দৰ্শন কৰিলে মক্কা দৰ্শনৰ পুণ্যৰ এক চতুৰ্থাংশ পুণ্য অৰ্জন হয় । ১৮৯৭ খ্ৰীষ্টাব্দৰ ডাঙৰ ভূমিকম্পত এই ঐতিহাসিক স্থানৰ কিছু অংশ ভাঙি পৰিছিল । পৰবৰ্তী সময়ত‌‌ মুঘল খাদিমসকলৰ তত্বাৱধানত পুনঃনিৰ্মাণ কৰা হয় ।