তিৰুৱনন্তপুৰমত ভিঝিনজাম বন্দৰ উদ্বোধন প্রধানমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কেৰালাত উপস্থিত হৈ আদানি গোষ্ঠীৰ তত্ত্বাৱধানত নতুনকৈ নিৰ্মাণ কৰা তিৰুৱনন্ত পুৰমৰ ভিঝিনজাম উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। প্রধানমন্ত্রী মোদীৰ সৈতে এই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়ন, কংগ্রেছ সাংসদ শশী থাৰুৰ প্রমুখ্যে নেতাসকল। বন্দৰৰ উদ্বোধনৰ সময়ত প্রধানমন্ত্রী মোদীয়ে কয় যে পিনাৰায়ি বিজয়ন ইণ্ডি জোঁটৰ অন্যতম স্তম্ভ। ইয়াৰ উপৰি শশী থাৰুৰো আছে এই অনুষ্ঠানত। গতিকে এই অনুষ্ঠানে বহুতৰে নিশাৰ নিদ্রা কাঢ়িব বুলি উল্লেখ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। স্মর্তব্য যে এই অনুষ্ঠানত উপস্থিত হোৱাৰ পূর্বে তিৰুৱনন্তপুৰম বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় কংগ্রেছ সাংসদ শশী থাকৰে। শেহতীয়াকৈ কংগ্ৰেছ সাংসদগৰাকীৰ দলৰ সৈতে দূৰত্ব বৃদ্ধি পোৱা বুলি বিভিন্ন মহলত চর্চা চলি আছে। আনকি দলৰ বিভিন্ন কামৰ বিৰোধিতা কৰি আহিছে শশী থাৰৰে। গতিকে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ কাষতে শশী থাৰুৰ উপস্থিত থকা বিষয়টো কংগ্ৰেছৰ বাবে অস্বস্তিৰ কাৰণ হ’ব পাৰে বুলি বিভিন্ন মহলে ধাৰণা কৰিছে। ইফালে প্ৰধানমন্ত্ৰীৰ ইংগিতবাহী বক্তব্যৰ পিছত বিষয়টোক লৈ চর্চা তীব্ৰতৰ হৈছে।

লক্ষণীয়ভাবে প্রধানমন্ত্রীয়ে কেৰালাৰ পিছতে অন্ধ্রপ্রদেশো ভ্রমণ কৰে । অন্ধৰ নতুন ৰাজধানী অমৰাৱতীত ৭৪টা আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্রধানমন্ত্রী মোদীয়ে। অন্ধ্রৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডু তথা অন্যান্য নেতাসকলৰ উপস্থিতিত প্রধানমন্ত্রী মোদীয়ে ৰাজ্যখনৰ বিধানসভা, সচিবালয়, উচ্চ ন্যায়ালয়ৰো আধাৰশিলা স্থাপন কৰে। স্মৰ্তব্য যে অমৰাৱতীক অন্ধ্রৰ স্থায়ী ৰাজধানী হিচাপে নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰৰ বৃহৎ পুঁজি ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। অমৰাৱতীক ৰাজ্যখনৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ সংকল্প গ্রহণ কৰিছিল তেলেগু দেশম পাটীৰ নেতা চন্দ্রবাবু নাইডুরে। নাইডুক এইক্ষেত্রত কেন্দ্ৰৰ মোদী চৰকাৰে ইতিবাচক সঁহাৰি প্ৰদান কৰাৰ পিছতে অমৰাৱতী ৰাজ্যখনৰ স্থায়ী ৰাজধানী হিচাপে নির্মিত হোৱাটো নিশ্চিত হৈ পৰে।
