তিৰস্কাৰবোৰ সদায় আঁকোৱালিয়েই ল’বনে ?
সুনম বিশ্বাস,
গোৰেশ্বৰ, তামুলপুৰ
মানুহ জীৱ শ্ৰেষ্ঠ । সাতজনমৰ পিছত মানৱ জীৱন লাভৰ সৌভাগ্য হয় বুলি আমাৰ মাজত বিশ্বাস প্ৰচলিত আছে । প্ৰশ্ন হয় যে শ্ৰেষ্ঠত্বৰ মুকুট শিৰত ধাৰণ কৰি আমি কি কৰিছো ? অন্য জীৱতকৈ যে আমি শ্রেষ্ঠ তাৰ প্রমাণ স্বৰূপে কি ৰাখিব পাৰিছো ? লোকনিন্দা , হিংসা – দ্বেষে , আমাৰ কিছুমানৰ হৃদয় যেন পৰিপূর্ণ । আনক হেয় প্রতিপন্ন কৰাতেই যেন এচামলোক ব্যস্ত থাকে । সমালোচনা ভাল কিন্তু পৰশ্ৰীকাতৰ মনোভাবে কাৰোবাৰ ভাল কৰিব নোৱাৰে । ভাবি চাওনে এবাৰ ইয়াৰ দ্বাৰা কি লাভ হয় ? এইবোৰ কৰি পাতল মগজুৰ পৰিচয় নিদিওনে ? ইয়াৰ বিপৰীতে নিজৰ মনৰ মলি ধুই পখালি ল’বলৈ আমি কিমানদূৰ সক্ষম ? কিছুমানে এইবোৰতে সুখ বিচাৰি পায় , আন কিছুমানে আঘাতৰ তীব্র বাণবোৰ অমৃতৰ দৰে পান কৰি ভালে থকাৰ প্ৰয়াস কৰে । প্রয়োজনত ওঁঠত বাধ্যতামূলক হাঁহি বিৰিঙাই , দাঁত কামুৰি হ’লেও দুখৰ বিৰুদ্ধে সুখৰ যুজঁত নামি পৰে । প্ৰত্যুত্তৰ দিয়া সহজ কিন্তু বিবেক – দংশনৰ দোষত যেন পৰিব নোখোজে বহুতেই সেয়ে মৌনব্ৰত ধাৰণ কৰা দেখা যায় । এই ক্ষেত্ৰত পৰুৱাবোৰ যেন সফল । আনক নিন্দা , অপমান কৰাৰ কথা সিঁহতৰ মূৰত নাহে । সিঁহতৰ আইন – শৃংখলা , একতা বহুত মজবুত । আপদ – বিপদবোৰ ঐক্যবদ্ধভাৱে সমাধান কৰে, মূৰৰ বোজাতকৈ দহগুণে সৰু হৈয়ো ।
প্রত্যেক লোকৰে জীৱন নানান সমস্যাৰে জৰ্জৰিত । দুখ , আঘাত আপোন হেৰুওৱাৰ যন্ত্ৰণা ইত্যাদিবোৰ থাকেই । তাৰ মাজতে কিছুমানে মনৰ ডাৱৰবোৰ আঁতৰাবলৈ উকা পৃষ্ঠাত স্পন্দনহীন কলমৰ গতিক তীব্রতৰ কৰি পেলায় । মনৰ অনুভৱবোৰ উকা শুভ্ৰ পৃষ্ঠাই সহৃদয়ে আঁকোৱালি লয় । কিন্তু কিছুমানে সেই অলৰ – অচৰ শব্দৰ টুকুৰাবোৰক লৈয়ো আঘাতৰ বাণবোৰ নিক্ষেপ কৰে । মনৰ অসুখবোৰক স্নেহৰ ছিটা লগাই সুস্থ কৰি তুলিবলৈ সাৰিয়াই বা আছে কেইজন ! যি দুই – এজন আছে তেওঁলোকো কালৰ বিষদৃষ্টিৰ পৰা বাদ পৰা নাই । নিজক বুজে বাবেই যেন উদাৰ হৃদয়খন লৈ আগুৱাই আহে বন্ধ কোঠাৰ দুৱাৰখন খুলি ।
হাঁহিবোৰ ভগাই লোৱাৰ দৰে যদি হৃদয়ৰ আভ্যন্তৰৰ পৰা উজাই আহি অক্ষিপটত বন্যা কৰা টোপালবোৰ গন্ধকলাইৰ দৰে সকলোৱে ভগাই লোৱাহেঁতেন হয়তো নয়নাশ্ৰুৰ বৰষুণ নহ’লহেঁতেন ! এটা কথা বাৰুকৈয়ে উপলব্ধি কৰিব পাৰি যে যিমানদিন নিজে নিজক একান্তে নঙঠা শিলৰ দৰে কঠিন কৰিব পৰা নাযাব , সিমান দিনলৈ যেন ঢোঁৰা সাপেও ফুচফুচাই খুঁটিবলৈ ওচৰ চাপিব । মৌজোল খোৱা এচামলোকে যেতিয়ালৈকে মৌমাখিৰ বিষচুম্বনৰ সন্মুখীন নহ’ব তেতিয়ালৈকে মৌচাক ভাঙিয়েই থাকিব । আমি যেন নিৰ্লজ্জ মকৰাৰ দৰে গোঁঠি থাকিম মায়াজাল প্ৰতিপলে, কিছু ভদ্ৰতাৰ খাতিৰত কিছু যেন
অশিষ্টাচাৰৰ দাৰিদ্ৰতাৰ কবলত পৰি ।
গতিকে ধৈৰ্যৰ বানটো ভাঙি যোৱাৰ আগতেই কথাৰ বিষবোৰ পান কৰি , নিজকে হেয়জ্ঞান নকৰি ; জোকৰ মুখত চূণ দিব পৰাকৈ থিয় দিব লাগিব , তেতিয়াহে হ’ব দিয়া – লোৱা ঠিক । নহ’লে যে উপহাস, নিন্দাবোৰ কেৱল গ্রহণ কৰি থাকিলে বিশাল ঋণৰ বোজোই গধুৰ কৰি পেলাব জীৱন ।