তিনি বন্ধুৰ কাহিনী- সংযুক্তা দত্ত

pc- UniGreet

তিনি বন্ধুৰ কাহিনী

তিনিজন ভাল বন্ধু আছিল এজনৰ নাম আছিল জ্ঞান আৰু বাকী দুজনৰ নাম ক্ৰমে ধন আৰু বিশ্বাস। তেওঁলোকৰ মাজত বন্ধুত্ব বৰ ভাল আছিল। কিন্তু এদিন এনেকুৱা হ’ল তেওঁলোক তিনিজন নিজৰ নিজৰ লক্ষ্যৰ কাৰণে বেলেগ হৈ যাব লগা হ’ল। যোৱা আগত তিনিজনে ইজনে সিজনক প্ৰশ্ন কৰিলে যে আজিৰ পৰা আমি ক’ত লগ হ’ম বা ক’ত লগ পাম। আৰু এজন এজনকৈ উত্তৰ দিলে প্ৰথম জন বন্ধু জ্ঞানে উত্তৰ দিলে পুথিভঁৰালত , কিতাপত, মন্দিৰত, বিদ্যালয়ত , মহাবিদ্যালয় আদিত মোক লগ পাবা। আৰু দ্বিতীয় জন বন্ধু ধনে ক’লে মই সফল মানুহৰ ওচৰত থাকিম আৰু ধনী মানুহৰ ওচৰত মোক পাবা। এইবাৰ শেষত বিশ্বাসক সুধিলে যে তোমাক আমি ক’ত লগ পাম । বহুত সময় মনে মনে থাকি অৱশেষত বিশ্বাসে ক’লে যে বন্ধু যদিহে মই এবাৰ গুচি যাওঁ তেতিয়া কিন্তু কেতিয়াও ঘূৰি নাহোঁ। ধন আৰু জ্ঞান থাকি কি লাভ যদিহে সেই ধন আৰু জ্ঞানৰ ওপৰত নিজৰেই বিশ্বাস নাথাকে।

সংযুক্তা দত্ত
দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়