তিনি দশকৰ পিছত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত প্ৰতিষ্ঠাপকৰ আজুনাতিয়ে চৌহদৰ পৰিৱৰ্তন দেখি হৈ পৰিল আৱেগিক
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ সোঁ-মাজত থকা ৮০ বছৰ গৰকা ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমান বক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত)- চৌহদত আকাশ-বতাহত এক অনন্য, বিৰল আৱেগিক পৰিৱেশ সৃষ্টি হয়। সুদীর্ঘ ৩০ বছৰৰ পিছত মহাবিদ্যালয়খনৰ অন্যতম প্রতিষ্ঠাতা, দাতা, দানবীৰ হনুমানবক্স কানৈৰ দুজন আজুনাতি সহ আজুনাতিৰ দুগৰাকী বোৱাৰী ককাকৰ সপোনৰ শিক্ষানুষ্ঠানখন চাবলৈ আহি হঠাৎ উপস্থিত হয়। আজুনাতি ডাঃ প্রমোদ কানৈ, বিশিষ্ট উদ্যোগপতি বিনোদ কানৈৰ লগতে তেওঁলোক দুয়োজনৰ পৰিবাৰে মহাবিদ্যালয়খনলৈ আহি অধ্যক্ষ ড° শশীকান্ত শইকীয়াক সাক্ষাৎ কৰি মহবিদ্যালয়খনৰ উত্তৰণৰ বুজ লয়।মহাবিদ্যালয়খনৰ চৌহদৰ প্ৰকৃতি, আন্তঃগাঁথনি, প্রশাসনিক সংস্কাৰ, প্ৰযুক্তিৰ উত্তৰণ দেখি প্ৰতিষ্ঠাপক আজুনাতিসকল একপ্ৰকাৰ আৱেগিক হৈ পৰে আৰু ককাকৰ ঐতিহ্যক সজীৱ কৰি ৰখাৰ বাবে অধ্যক্ষগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। অধ্যক্ষ, অধ্যাপকৰ স’তে হোৱা বাৰ্তালাপত দুয়োগৰাকী আজুনাতিয়ে পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰে আৰু মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা লগ্নৰ কথা অৱগত কৰে । পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰি দুয়োগৰাকীৰে চকু সেমেকি উঠে আৰু কয় – ৩০ বছৰ আগৰ সেই কানৈ কলেজ আৰু বৰ্তমানৰ কানৈ কলেজৰ মাজত আকাশ-পাতাল পার্থক্য দেখা পাইছে। তেওঁলোকৰ ককাকে যি সপোনদেখি এই অনুষ্ঠান গঢ়িছিল আজি সেই সপোনৰ বাস্তৱ ৰূপ দেখি গৌৰান্বিত বুলি উল্লেখ কৰাই নহয়, অধ্যক্ষ ড° শইকীয়াৰকর্ম তৎপৰতাই অভিভূত কৰিছে বুলি কয়। মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোছাৰে উষ্ম আদৰণি জনোৱা সভাখনিত তেওঁলোকে মহাবিদ্যালয়খনক এটা মন্দিৰ আৰু অধ্যক্ষগৰাকীক সেই মন্দিৰৰ পূজাৰী বুলি তুলনা কৰি- মহাবিদ্যালয়খনৰ উত্তৰণ চকুত লগাকৈ দেখা পোৱা গৈছে সেয়ে তেওঁলোক যথেষ্ট সুখী। প্ৰতিষ্ঠাপকৰ আজুনাতিড ডাঃ প্ৰমোদ কানৈ আৰু বিনোদ কানৈৰ লগতে তেওঁলোকৰ স’তে অহা পৰিয়ালৰ সদস্যসকলৰ আগত অধ্যক্ষ ড° শইকীয়াই কয়—কানৈ মহাবিদ্যালয়ৰ দ্ৰষ্টা আৰু স্ৰষ্টা, পদ্মশ্ৰী, ৰায়চাহাব দানবীৰ হনুমানবক্স কানৈৰ পৰিয়ালৰ সদস্যৰ আগমণ মহাবিদ্যালয় পৰিয়ালৰ বাবে আশীৰ্বাদ স্বৰূপ। তেওঁলোকৰ উপৰিপুৰুষৰ দানৰ বাবেই আজিৰ পৰা প্ৰায় ৮০ বছৰ আগতে মহাবিদ্যালয়খনৰ সুন্দৰ, ব্যতিক্ৰমী, চকুত লগা ভৱনটো নিৰ্মাণ কৰা হৈছিল আৰু তদানিন্তন উপ ৰাষ্ট্ৰপতি সৰ্ব্বপল্লী ৰাধাকৃষ্ণনে সেই ভৱনটো মুকলি কৰিছিল। আজিৰ এই অনুষ্ঠানত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়ি তুলিছে বুলিও উল্লেখ কৰি প্ৰতিষ্ঠাপক পৰিয়ালৰ সদস্যকেইজনক শুভেচ্ছা জনায় আৰু ধন্যবাদ জ্ঞাপন কৰে। প্ৰতিষ্ঠাপকৰ আজুনাতি কেইজনে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ স’তে কিছু সময় বার্তালাপ কৰাৰ পিছত মহাবিদ্যালয় চৌহদ ভ্ৰমণ কৰে আৰু বিভিন্ন আন্তঃগাঁথনিসমূহ পৰিদৰ্শন কৰে।উল্লেখ্য যে এই ভ্রমণ কালছোৱাত পৰিয়ালটোৰ সদস্যসকলে মহাবিদ্যালয়খনৰ উত্তৰণৰ বাবে ভৱিষ্যতে প্রয়োজনীয় সহায়সহযোগ আগবঢ়াব বুলি অৱগত কৰে। মন কৰিবলগীয়া যে কানৈ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপকৰ পৰিয়ালৰ স’তে কেইবাদশক ধৰি কোনো সংযোগ নাছিল যদিও ২০১৫ চনত ড° শশীকান্ত শইকীয়াই কানৈ মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰাৰ পিছত পৰিয়ালৰ অন্যান্য সকলক সন্ধান কৰি তাৰে কেইজনমান সদস্যক কলকাতাৰ নিৱাসী বুলি জানিব পাৰিছিল। এতিয়া মহাবিদ্যালয়খনৰ অতীত আৰু বৰ্তমানৰ মাজত এক সোণালী সেতু নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে।
