তিনি তালাক” ৰ গ্ৰহণযোগ্যতা আছে নে?
—————————— —
নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা।
বিবাহিত মুছলিম পুৰুষৰ হাতৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ হ’ল, “তিনি তালাক “। সামান্য কাৰণতে বিবাহিতা পত্নীৰ সৈতে মনোমালিন্য হ’লেই বহুত পুৰুষে তৎক্ষণাৎ উত্তেজিত হৈ এই অস্ত্ৰটি প্ৰয়োগ কৰি ‘ এক তালাক, দুই তালাক ,বাইন তালাক বুলি তিনি তালাক ঘোষণা কৰি পত্নীক বিবাহ বিচ্ছেদ প্ৰদান কৰা প্ৰায় দেখা যায়। অৱশ্যে ইছলামিক ছাফি পন্থী মতে পতিয়ে পত্নীক এবাৰ তালাক দি এমাহ অপেক্ষা কৰে । যদি এমাহ অপেক্ষা কৰাৰ পাছতো পত্নী সংশোধন নহয় , তেতিয়া আকৌ তালাক ঘোষণা কৰি আৰু এমাহ অপেক্ষা কৰে। ইয়াৰ পাছতো পত্নী সংশোধন নহ’লে তিনি তালাক দি তিনি মাহৰ পাছত বিবাহ বিচ্ছেদ সম্পূৰ্ণ কৰে। লাগিলে যি পদ্ধতিয়ে প্ৰয়োগ কৰক, এই ” তিনি তালাক” ৰ গ্ৰহণযোগ্যতা আছে নে? সাধাৰণতে এই বিয়া বিচ্ছেদৰ বিভিন্ন কাৰণ থাকিলেও মূল কাৰণ হ’ল, পতিৰ পত্নীৰ চৰিত্ৰৰ ওপৰত সন্দেহ, কোনো নাৰীৰ লগত অবৈধ সম্পৰ্ক বা শহুয়েকৰ পৰা যৌতুক দাবী কৰি ব্যৰ্থ হোৱা। এইখন পুৰুষ -প্ৰধান সমাজত স্বামীয়ে সদায় পত্নীক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰখাৰ প্ৰবৃত্তিও বিয়া বিচ্ছেদৰ ক্ষেত্ৰত প্ৰধান কাৰক হিচাপে দেখা দিয়ে । মুঠতে অলপ চেলু পালেই বহুত স্বামীয়ে পত্নীক “তিনি তালাক” দি বিয়া বিচ্ছেদ ঘটায় ।
আমি সকলোৱে চাহ বানুৰ কেচৰ কথা জানোঁ । মধ্যপ্ৰদেশৰ ইন্দোৰৰ চাহ বাণুয়ে সুদীৰ্ঘ ৪৩ বছৰ স্বামী এডভোকেট মোঃ আহমেদ খানৰ সৈতে বিবাহিত জীৱন যাপন কৰাৰ পাছতো ৬২ বছৰীয়া চাহ বানুক তেওঁৰ স্বামীয়ে অইন এগৰাকী নাৰীক বিয়া কৰাই খঙৰ ভমকতে ১৯৭৮ চনত চাহ বাণুক ” তিনি তালাক” দি বিয়া বিচ্ছেদ ঘটাইছিল। পাঁচজন সন্তানৰ মাতৃ চাহ বানুয়ে উচ্চতম ন্যায়ালয়ত গোচৰ তৰি দীৰ্ঘ সময় ধৰি কৰা আইনী যুঁজৰ অন্তত ১৯৮৫ চনৰ ২৩ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মাননীয় ওৱাই ভি চন্দ্ৰচূড়ে ফৌজদাৰী আইনৰ অধীনস্থ ১২৫ নং ধাৰা অনুসৰি গিৰিয়েক মোঃ আহমেদ খানক ছাহ বাণুক ইছলামৰ ছৰিয়ত আইন মতে তালাক দিয়া পত্নীক কেৱল ইদ্দত কাল পৰ্যন্ত ভৰণ -পোষণৰ নিয়ম নস্যাৎ কৰি গোটেই জীৱন ভৰণ-পোষণ দিবলৈ নিৰ্দেশ দিছিল। কিন্তু কংগ্ৰেছ শাসিত কেন্দ্ৰীয় চৰকাৰে ইছলামিক গোড়াপন্থীৰ চাপত পৰি ১৯৮৫ চনৰ শেষৰ ফালে বিয়া বিচ্ছেদ হোৱা মুছলিম তিৰোতাৰ অধিকাৰ আইন অনুসৰি Muslim women ( protection of rights on devorce) act. কেৱল ৯০ দিন অৰ্থাৎ ইদ্দত কাল পৰ্যন্ত ভৰণ পোষণৰ নিয়ম বান্ধি দিলে। যাৰ ফলত বহুতো মুছলিম বিবাহিতা নাৰীয়ে অনিশ্চয়তাৰ মাজেৰে জীৱন পাৰ কৰিব লগা হয়গৈ। আকৌ ২০০২ চনত উত্তৰপ্ৰদেশৰ নিবাসী ৰিয়াজ আহমেদে চায়ৰা বাণুক বিয়া কৰাই সামান্য কাৰণতে বিবাহিতা পত্নীক” তিনি তালাক” দি বিয়া বিচ্ছেদ ঘটাইছিল। তেতিয়া বাধ্যত পৰি ছায়ৰা বাণুয়ে উচ্চতম ন্যায়ালয়ত গোচৰ তৰাত ন্যায়াধীশে এক নিৰ্দেশ মৰ্মে” তিনি তালাক” আইনতঃ বেআইনী বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছতো এতিয়াও মাজে সময়ে কিছুমান অবিৱেচক মুছলিম পুৰুষে এতিয়াও এই জঘন্যতম অমানৱীয় ” তিনি তালাক” ৰ দৰে নিষিদ্ধ নীতি অনুসৰণ কৰি বহুত বিবাহিতা নাৰীৰ জীৱনলৈ বিপৰ্যয় নমাই অনা দেখা যায়। অলপতে অসমৰ এগৰাকী টেট শিক্ষকে নিজৰ পত্নীক ফোন যোগে ” তিনি তালাক” দিয়া কাৰ্যই তাৰ নিকৃষ্ট উদাহৰণ। ইছলামিক ছৰিয়ত আইন অনুসৰি বিভিন্ন অজুহাত দেখুৱাই বা সকলো পত্নীক সম-মৰ্যাদা দিব পাৰিলে এজন পুৰুষে চাৰি গৰাকী নাৰীক পত্নী হিচাপে গ্ৰহণ কৰিব পাৰে বুলি ন্যয্যতা প্ৰদান কৰাৰ বাবেই বহুতো নৰাধম, বিবেকহীন আৰু সুযোগ-সন্ধানী পুৰুষে এই আইনৰ সাৰমৰ্ম উপলব্ধি কৰিব নোৱাৰি চাৰি গৰাকী নাৰীক বিয়া কৰাই আকৌ পত্নীক বিয়া বিচ্ছেদ ঘটাবলৈ চেলু বিচাৰি ফুৰে। অথচ, ইছলাম ধৰ্মৰ মতে পৃথিৱীৰ আটাইতকৈ নিকৃষ্টতম কাৰ্য হ’ল তালাক বা বিয়া বিচ্ছেদ। গতিকে,এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ’ল, আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰে কঠোৰ আইন প্ৰৱৰ্তন কৰি বহু বিয়া প্ৰথা বিলুপ্ত কৰাৰ সমান্তৰাল ভাবে সমাজৰ সকলো গুণী-জ্ঞানী, সমাজ-সচেতক ব্যক্তিসকলে বহু বিয়া আৰু” তিনি তালাক” প্ৰথাৰ বিৰুদ্ধে গণ-আন্দোলন সূচনা কৰি সমাজক জাগ্ৰত কৰাৰ প্ৰয়োজন আহি পৰিছে।