তিনিবছৰে দুৰাৰোগ্যত আক্ৰান্ত উত্তৰ চুবুৰি গাঁওৰ ৰৈখাংশ্ৰী বড়ো চিকিৎসাৰ বাবে উপায়হীন দুৰ্ভগীয়া পৰিয়ালৰ পিতৃ-মাতৃ
অমৰজিৎ ৰাভা,ওদালগুৰি,বৰ্ত্তাসেৱা- বিটিআৰ ওদালগুৰি জিলা ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টি তথা ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ ভূঞাখাট ভিচিডিচিৰ অন্তৰ্গত উত্তৰ চুবুৰি গাঁওৰ নিবাসী প্ৰফুল্ল কুমাৰ বড়ো আৰু গছুং বড়োৰ ১৪ বছৰীয়া কণ্যা, বিগত ৩ বছৰ ধৰি দুড়াৰোগত আক্ৰান্ত হৈ অসহায়ভাৱে পৰি থাকিব লগিয়া হৈছে। কিয়নো !! বিগত তিনি বছৰে পিতৃ-মাতৃয়ে ঘৰৰ সা সম্পত্তি বিক্ৰি কৰি ৰৈখাংশ্ৰী বড়োক এটাৰ পিছত এটা বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰাই আছিল যদিও কনো সুফল নপোৱাত উন্নত চিকিৎসাৰ বাবে GNRCৰ ডক্তৰে বহিৰাজ্যলৈ গৈ চিকিৎসা কৰোৱাৰ নিৰ্দেশ দিছিল, যদিও বৰ্তমান সময়ত দুৰ্ভগীয়া পিতৃ-মাতৃৰ সেই সামৰ্থ্য নাইকিয়া হৈছে। যাৰ সন্দৰ্ভত পিতৃ মাতৃয়ে স্থানীয় জনপ্ৰতিনিধিৰ সৈতে সহায়ৰ হাত বিছাৰিছিল যদিও কনোএজনে সহাৰী নিদিয়াত ৰৈখাংশ্ৰী বড়ো বিছনাত পৰি থাকিব লগিয়া হৈছে। সেয়েহে উপায়ন্তৰ হৈ দুৰ্ভগীয়া পিতৃ- মাতৃয়ে কিশোৰী জনীৰ উন্নত চিকিৎসাৰ বাবে সহায়ৰ হাত বিছাৰী পুনৰবাৰ নৱগঠিত বিটিআৰ পৰিৱৰ্তন কামী চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োলৈ ছোৱালী জনীৰ সুস্বাস্থ্যৰ বাবে আৰ্থিক সহায় কৰিবলৈ কাতৰ আহ্বান জনাই। আৰু লগতে কনোবা সদাসই ব্যক্তিয়ে যদি ইচ্ছাকৃতভাৱে ছোৱালীজনীৰ সুস্বাস্থ্যৰ বাবে কিছু পৰিমাণে আৰ্থিক সহায় কৰিব বিছাৰে তেনেহ’লে (8011518854) এই ফোন নাম্বাৰত যোগা-যোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছেঁ।