তিনিদিনীয়া চৰকাৰী ভ্ৰমণ কাৰ্যসূচীৰে ইৰাণ আৰু ইউ.এ.ই.-লৈ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Pc Wikipedia

তিনিদিনীয়া চৰকাৰী ভ্ৰমণ কাৰ্যসূচীৰে ইৰাণ আৰু ইউ.এ.ই.-লৈ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল

নয়নজ্যোতি তালুকদাৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ইৰাণ আৰু ইউ.এ.ই.-লৈ ধাৱমান হৈছে। এই ভ্ৰমণকালত সোণোৱালে ইৰাণৰ চাবাহাৰৰ শ্বহীদ বেহেস্তী বন্দৰ আৰু ইউ.এ.ই.-ৰ জেবেল আলী বন্দৰ মুখ্যতঃ পৰিদৰ্শন কৰিব৷ চাবাহাৰ বন্দৰ হৈছে ভাৰতৰ প্ৰথম বিদেশী বন্দৰ প্ৰকল্প। চাবাহাৰ বন্দৰ প্ৰকল্পৰ বিকাশৰ সৈতে ভাৰতৰ সন্মান আৰু বাণিজ্যৰ বহু গুৰুত্বপূৰ্ণ দিশ জড়িত হৈ আছে। ক’ভিড-১৯ মহামাৰীৰ ফলত ভাৰত আৰু ইৰাণৰ মাজত কম সংখ্যক পাৰস্পৰিক ভ্ৰমণ অনুষ্ঠিত হৈছিল। সেয়েহে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী পৰ্যায়ৰ এই গুৰুত্বপূৰ্ণ ভ্রমণে দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক আৰু সামুদ্রিক সম্পর্কক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণে ইউৰোপ, ৰাছিয়া আৰু চি.আই.এছ. দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰৱেশদ্বাৰ হিচাপে চাবাহাৰৰ গুৰুত্বক ত্বৰান্বিত কৰিব। সৰ্বানন্দ সোণোৱালে ইৰাণ চৰকাৰৰ পথ আৰু নগৰ উন্নয়ন আৰু স্বাস্থ্য আৰু চিকিৎসা শিক্ষা মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব৷ এই ভ্ৰমণকালত ভাৰত চৰকাৰ আৰু ইৰাণ চৰকাৰৰ মাজত সীমাহীন ভ্ৰমণত নাবিকৰ দক্ষতাৰ প্ৰমাণপত্ৰৰ পাৰস্পৰিক স্বীকৃতি সম্পৰ্কীয় বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। তদুপৰি, এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেহেৰানস্থিত চি.আই.এছ. দেশসমূহৰ ৰাষ্ট্ৰদূতসকলক সাক্ষাৎ কৰিব৷ সোণোৱালে ইউ.এ.ই.-ৰ জেবেল আলী বন্দৰো ভ্ৰমণ কৰিব আৰু এই ভ্রমণকালত প্রবাসী ভাৰতীয়সকলৰ সৈতেও বৈঠকত মিলিত হ’ব৷ ইউ.এ.ই.-ত জাহাজ তথা মালবাহী কোম্পানীৰ মুৰব্বীসকলৰ সৈতে ঘূৰণীয়া মেজমেলতো তেওঁ অংশগ্ৰহণ কৰিব৷ ভাৰত চৰকাৰৰ এগৰাকী আগশাৰীৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই ভ্ৰমণ কাৰ্যসূচী মধ্য এছিয়াৰ দেশৰ সৈতে ভাৰতৰ পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত অতি গুৰুত্বপূৰ্ণ আৰু সময়োচিত বুলি বিবেচিত হৈছে।