তিনিচুকীয়া আৰক্ষীৰ গুলীচালনা

Pc iPleaders

তিনিচুকীয়া আৰক্ষীৰ গুলীচালনা

ৰঙিলী বাৰ্ত্তাসেৱা– পুনৰ আৰক্ষীৰ গুলীচালনা। তিনি যুৱকলৈ লক্ষ্য কৰি তিনিচুকীয়া আৰক্ষীৰ গুলীচালনা। দেওবাৰে কাকপথাৰ ডিৰাক অঞ্চলত ঘটনা সংঘটিত হৈছে এই ঘটনা। আলফা (স্বাঃ)লৈ যোগদান কৰিবলৈ যোৱাৰ অভিযোগত আৰক্ষীয়ে যুৱককেইজনক গুলীয়াই ।আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত তিনিওজন যুৱকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । যুৱককেইজনক প্ৰথমে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।গুলীবিদ্ধ কেইজন শদিয়াৰ স্কুল চাৰিআলিৰ বিশ্বনাথ বুঢ়াগোহাঁই, নিজৰাপাৰাৰ মনোজ বুঢ়াগোহাঁই আৰু মিলন নগৰৰ নবীন নেওগ।