তিনিচুকীয়াত জনজাতিকৰণৰ দাবীত টাই আহোমৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা-জনজাতিকৰণৰ দাবীত উত্তাল তিনিচুকীয়া। জনজাতিকৰণৰ দাবীত দুই সহস্ৰাধিক লোকে বুধবাৰে তিনিচুকীয়াৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে ।টাই আহোম ছাত্র সন্থা, টাই আহোম যুৱ পৰিষদ, আহোম সভা, টাই আহোম মহিলা পৰিষদ, টাই আহোম কলা-কৃষ্টি কেন্দ্র, আহোম জাতীয় মহাসভাৰ লগতে টাই আহোম জনগোষ্ঠীৰ সমূহ সংগঠনৰ উদ্যোগত তামোলবাৰী খেলপথাৰত একত্ৰিত হৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰণহুংকাৰ উলিয়াই থানা চাৰিআলিত সামৰণি মাৰে। সমদল উলিওৱাৰ সময়ত ‘ন’ এছ টি ন’ ভোট’, ‘মৰিলেও মৰি যাম জনজাতি লৈ যাম’, ‘টাই আহোম ঐক্য জিন্দাবাদ’, ‘আমাক জনজাতিকৰণ লাগিবই’, ‘জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব’, ‘আমাক ভূমিপট্টা প্ৰদান কৰক’, ‘অৰুণাচলত বসবাস কৰা আহোমসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্র প্রদান কৰক’, ‘বিজেপি হায় হায়’ শ্লোগানেৰে টাই আহোম জনগোষ্ঠীৰ দুই সহস্রাধিক জনগণে তিনিচুকীয়াৰ ৰাজপথ উত্তাল কৰি তোলে। ৰণ হুংকাৰ কাৰ্যসূচীৰ জৰিয়তে টাই আহোমক জনজাতিকৰণ প্ৰদান কৰা, আহোমসকলক মাটিৰ পট্টা প্ৰদান কৰা, অৰুণাচল প্ৰদেশত বসবাস কৰা টাই আহোমসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্র প্রদানকে আদি কৰি কেইবাটাও দাবীৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। পৰৱৰ্তী সময়ত থানা চাৰিআলিত এখন প্রতিবাদী সভাৰ জৰিয়তে ৰণহুংকাৰৰ সামৰণি মাৰে। প্রতিবাদী সভাৰ সময়ত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে কয় যে বিজেপি দল শাসনলৈ অহাৰ প্ৰাক্ৰুহূৰ্তত আমাক জনজাতিকৰণ প্ৰদান কৰাৰ আশ্বাস দিছিল, কিন্তু সেয়া কাৰ্যকৰী নকৰিলে। কংগ্রেছ দলক যেনেকৈ আমি ওফৰাই পেলালোঁ ২০২৬ চনৰ নিৰ্বাচনৰ পূর্বে যদি টাই আহোমসকলক জনজাতিকৰণ প্ৰদান নকৰে তেন্তে বিজেপি দলকো তেনেকৈ ওফৰাই পেলাম। এতিয়া আমাৰ ৰাইজ জাগৃত হৈছে। আমি আটাছুৰ লগতে আহোম জনগোষ্ঠীৰ সংগঠনসমূহে এটা মাত্র আহ্বান জনাইছোঁ আৰু আজি হাজাৰ হাজাৰ লোক ওলাই আহিছে। গতিকে যিকোনো প্ৰকাৰে আমাক ২৫ নৱেম্বৰত জনজাতিকৰণৰ প্ৰসংগটো পাছ কৰিবই লাগিব। সমান্তৰালভাৱে টাই আহোম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়াই কয় যে ‘এই ৰণহুংকাৰ মাত্ৰ এটা ট্ৰেইলাৰহে। ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে যদি টাই আহোমসকলক জনজাতিকৰণ প্রদান নকৰে তেন্তে লাখ লাখ আহোম জনগণ ওলাই আহি বিজেপিক শাসনৰ পৰা ওফৰাই পেলাব। এতিয়া আহোম জনগণ একত্রিত হৈছে। জনজাতিকৰণৰ প্ৰদান নকৰা পর্যন্ত ক্ষান্ত নহয়।
