তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বর্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা
ৰঙিলী বাৰ্ত্তাসেৱা- আজি ঘোষণা কৰা হ’ল ২০২৫ বর্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা। তিনিগৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে এই বঁটা। “মেটেল-অর্গেনিক ফ্রেমৱৰ্ক (MOFS)ৰ বিকাশৰ বাবে” ২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ ন’বেল পুৰস্কাৰ জাপানৰ চুচুমু কিটাগাৱা, অষ্ট্ৰেলিয়াৰ ৰিচাৰ্ড ৰবছন আৰু আমেৰিকা-জর্ডানীয় ওমৰ এম. য়াঘীক যৌথভাৱে প্রদান কৰা হৈছে । ৰ’য়েল ছুইডিছ একাডেমী অৱ চাইনচে এই তিনিজন বিজ্ঞানীৰ অৱদানক মানৱজাতিৰ বাবে অমূল্য উপহাৰ বুলি অভিহিত কৰিছে। মেটেল-অর্গেনিক ফ্রেমৱৰ্ক (MOFs) হৈছে ধাতু আৰু অর্গেনিক অণুৰ সংযোগৰ জৰিয়তে গঠিত এটা নতুন ধৰণৰ উপাদান। এই ফ্রেমৱৰ্কসমূহত থকা সূক্ষ্ম ছিদ্ৰবোৰ গেছ আৰু দ্ৰৱণ শোষণ, কার্বন ধৰা, দ্রব্য সংৰক্ষণ আৰু চিকিৎসা আদি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা যায়। ১৯৯০ চনৰ পৰা এই তিনিজন বিজ্ঞানীয়ে MOFS-ক বাস্তৱিক ৰূপ দিছে, যিয়ে আধুনিক উদ্ভাৱনৰ পথ প্রশস্ত কৰিছে। উল্লেখ্য যে, সোমবাৰে ঘোষণা কৰা চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা বিজয়ী তিনিগৰাকী হৈছে মেৰী ই ব্ৰুংকো, ফ্ৰেড ৰেমছডেল আৰু শ্বিমন ছাকাগুচি। মঙলবাৰে ৰয়েল ছুইডিছ একাডেমীয়ে ঘোষণা কৰে যে, এইবাৰৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা জন ক্লাৰ্ক, মাইকেল এইচ ডেভ’ৰেট আৰু জন এম মাৰ্টিনিছক প্ৰদান কৰা হ’ব। এতিয়া বৃহস্পতিবাৰে সাহিত্য বিজ্ঞানৰ নোবেল বঁটা, শুকুৰবাৰে শান্তি আৰু ১৩ অক্টোবৰত অৰ্থনীতিৰ ন’বেল বঁটা বিজয়ীৰ নাম ঘোষণা কৰা হ’ব।