তিনিগৰাকী চিকিৎসকলৈ ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- মেৰী ই ব্ৰুংক’, ফ্ৰেড ৰেমছডেল আৰু শ্বিমন ছাকাগুচিক শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ বাবে ২০২৫ বৰ্ষৰ নোবেল বঁটা প্ৰদান কৰা হৈছে ৷ পেৰিফেৰেল ইমিউন ট’লাৰেন্স সম্পৰ্কীয় আৱিষ্কাৰৰ বাবে তেওঁলোকে চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছে। সোমবাৰে ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰি এই তিনিগৰাকী চিকিৎসকক সন্মান প্রদান কৰা হৈছে। পেৰিফেৰেল ইমিউন ট’লাৰেন্স হৈছে শৰীৰৰ এটা পদ্ধতি যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাক নিয়ন্ত্ৰণত ৰাখে আৰু বাহ্যিক আক্ৰমণকাৰীৰ পৰা নিজৰ কলাসমূহক ৰক্ষা কৰে। উল্লেখ্য যে আমেৰিকাৰ ছিয়াটলৰ মেৰী ই ব্রাংকো ইনষ্টিটিউট অৱ ছিষ্টেমছ বায়’লজীৰ সৈতে জড়িত, আনহাতে, ছানফ্রান্সিস্কোৰ ফ্ৰেড ৰামছডেল ছ’নোমা বায়’থেৰাপিউটিক্সৰ সৈতে জড়িত আৰু জাপানৰ শিমন ছাকাগুচি জাপানৰ ওছাকা বিশ্ববিদ্যালয়ত কৰ্মৰত। এই তিনিওগৰাকী চিকিৎসকে ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ নিয়ন্ত্রিত হয় সেই বিষয়ে গৱেষণা কৰি এই সন্মান আঁজুৰি আনিবলৈ সক্ষম হয়।