তিনিখন আপাছি হেলিকপ্টাৰ লাভ কৰিব ভাৰতীয় সেনাই
ৰঙিলী বাৰ্ত্তাসেৱা- কাৰিকৰী সমস্যাৰ বাবে বিলম্ব হৈ থকা অত্যাধুনিক আপাছি হেলিকপ্টাৰ ভাৰতীয় সেনাত অন্তর্ভুক্ত হোৱাটো প্রায় নিশ্চিত হৈছে। মার্কিন প্রতিষ্ঠানে ২২ জুলাইত প্রথম তিনিখন হেলিকপ্টাৰ ভাৰত চৰকাৰক গতাই দিব। অপাৰেচন সিন্দূৰৰ পিছত পশ্চিম সীমান্তত বায়ুসেনাৰ যুদ্ধৰ ক্ষমতা শক্তিশালীৰ দিশত এয়া উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। উল্লেখ্য যে ভাৰতীয় সেনাই ২০২০ চনত আমেৰিকাৰ সৈতে ৬০ কোটি মার্কিন ডলাৰৰ এক চুক্তিত স্বাক্ষৰ কৰি ৬খন আপাছি হেলিকপ্টাৰ ক্ৰয়ৰ সিদ্ধান্ত লৈছিল। বিগত সময়ত যোগান শৃংখলত ব্যাঘাত জন্মা আৰু কাৰিকৰী বিসংগতিৰ বাবে আমেৰিকাই ২০২৪ চনৰ ডিচেম্বৰত প্ৰদানৰ প্ৰতিশ্রুতি দিছিল যদিও সেয়া কাৰ্যকৰী হোৱা নাছিল। অৱশেষত ১৫ মাহৰ পিছত মার্কিন কোম্পানীয়ে তিনিখন হেলিকপ্টাৰ ভাৰতক গতোৱাৰ প্ৰস্তুতি সম্পন্ন কৰিছে। ইতিমধ্যে যোধপুৰৰ নাট্রালাওত সেনাৰ বিমান পৰিবহণ বাহিনীয়ে প্রথমখন আপাছি হেলিকপ্টাৰৰ বাবে পাইলট আৰু অন্যান্য কৰ্মচাৰীক প্রশিক্ষণো দিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এই আপাছি হেলিকপ্টাৰে যিকোনো দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকক উদ্ধাৰৰ বাবে অভিযান চলোৱাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰে।