তিতাবৰৰ নিৰুদ্দিষ্ট যুৱতীৰ মৃতদেহ শৌচালয়ৰ টেংকীত উদ্ধাৰ 

তিতাবৰৰ নিৰুদ্দিষ্ট যুৱতীৰ মৃতদেহ শৌচালয়ৰ টেংকীত উদ্ধাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  চাৰি দিনে নিৰুদ্দেশ হৈ থকা তিতাবৰ নন্দনাথ শইকীয়া কলেজৰ স্নাতক প্রথম ষাণ্মাসিকৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ জগত সিং নামৰ এজন লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ শৌচালয়ৰ টেংকীত আৰক্ষীয়ে উদ্ধাৰ কৰা হয়।১৯ বছৰীয়া মেধাৱী ছাত্ৰীগৰাকীৰ তিতাবৰ জোনাকী মণ্ডল গাঁৱৰ জগত সিং নামৰ এটা পাষণ্ডৰ ছলনাত পৰি মৃত্যু হ’ব লগা হোৱা ঘটনাই তিতাবৰৰ লগতে সমগ্ৰ ৰাজ্যবাসীকে কঁপাই তুলিছে। সোমবাৰে পুৱাৰে পৰা কেইবাশ ক্ষুব্ধ লোক আৰু বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তিতাবৰ নগৰৰ ৰাজপথলৈ ওলাই আহি পৰিস্থিতি উত্তাল কৰি তোলে। হত্যাকাৰীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী তোলে ক্ষুব্ধ ৰাইজ আৰু ছাত্র-ছাত্রীসকলে। পুৱাৰ পৰা আবেলিলৈকে তিতাবৰ চাৰিআলিৰ পথৰ ওপৰতে বহি শ শ ছাত্র-ছাত্রীয়ে ছাত্ৰীগৰাকীৰ হত্যাৰ ন্যায় বিচাৰে।  উল্লেখযোগ্য যে জগত সিঙে এখন বৃহৎ আশ্রম চলাইছিল। তেওঁ আশ্রমতে বিভিন্ন তন্ত্র-মন্ত্ৰ, বেজ-বেজালীৰ কাম কৰিছিল। বহুলোক আশ্রমখনলৈ বিভিন্ন কাম লৈ আহিছিল। এই আশ্রমতে যুৱতীসকলক নির্যাতন চলাই অহাৰো অভিযোগ উত্থাপন কৰি আশ্ৰমখন শীঘ্ৰে উচ্ছেদ কৰিবলৈ সংবাদ মাধ্যমত দাবী জনাইছে বিভিন্ন দল-সংগঠনৰ নেতৃত্বই। তদুপৰি তদন্ত ফাৰ্ষ্ট ট্রেক আদালতত কৰা, জগত সিঙৰ সা-সম্পত্তি বাজেয়াপ্ত কৰি সকলো ছাত্ৰীগৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে দিয়া আদিৰো দাবী তোলে দল-সংগঠনসমূহে। ছটাকৈ দাবী স্পষ্টকৈ উল্লেখ কৰি ২৫টা দল-সংগঠনে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে তিতাবৰৰ শিলিখাবাৰী গ্ৰাণ্টৰ নিৱাসী ছাত্ৰীগৰাকী যোৱা ৭ নৱেম্বৰত সম্বন্ধনহীন হৈছিল। কলেজলৈ বুলি ওলাই অহা বিপ্লৱী আৰু ঘৰলৈ ঘূৰি যাব নোৱাৰিলে। ইয়াৰ পিছতে পৰিয়ালে ছাত্ৰীগৰাকীৰ সন্ধান বিচাৰি তিতাবৰ থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু তিনি দিন পাৰ হোৱাৰ পিছতো তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ছাত্ৰীগৰাকীৰ সন্ধান উলিওৱাত গাফিলতি কৰি অহাৰ অভিযোগ তোলে ভুক্তভোগীৰ পৰিয়ালে। ফলত ৯ নৱেম্বৰত কেইবাশ লোকে তিতাবৰ থানা ঘেৰাও কৰি ছাত্ৰীগৰাকীৰ সন্ধান উলিয়াবলৈ দাবী কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। ৰাইজৰ যুদ্ধংদেহি প্ৰতিবাদৰ পিছতে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত ছাত্ৰীগৰাকীৰ সন্ধান বিচাৰি আৰক্ষীৰ দল তৎপৰ হৈ পৰে। আৰক্ষীয়ে তদন্ত কৰি জগত সিঙক আটক কৰিছিল। আৰক্ষীৰ জেৰাত জগত সিঙে ছাত্ৰীগৰাকীক হত্যা কৰি শৌচাগাৰৰ টেংকীত পেলাই ৰখাৰ কথা স্বীকাৰ কৰে। স্বীকাৰোক্তি মতে নিশাই আৰক্ষী গৈ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ শৌচালয়ত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ছাত্ৰীগৰাকীৰ নশ্বৰদেহ এনে অৱস্থাত উদ্ধাৰৰ পিছতে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। ক্ষুব্ধ স্থানীয় ৰাইজে জগত সিঙৰ ব্যৱসায়িক প্রতিষ্ঠান ভাঙি লণ্ডভণ্ড কৰে। এই উত্তপ্ত পৰিস্থিতিৰ পিছতে ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ জগত সিঙক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, ছাত্ৰীগৰাকী ৭ মহীয়া অন্তঃসত্ত্বা আছিল। প্রায় ৬৩ বছৰীয়া জগত সিঙক ছাত্ৰীগৰাকীয়ে বৰদেউতাক পাতি লৈছিল। যোৰহাট জিলা আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে অন্তঃসত্ত্বা যুৱতীগৰাকীক গর্ভপাত কৰাবলৈ এবাৰ চিকিৎসকৰ ওচৰলৈও লৈ গৈছিল জগত সিঙে। সেই সময়ত এগৰাকী ফাৰ্মাচিষ্টৰ সহায় লৈছিল। ঘটনা সন্দর্ভত ছাত্ৰীগৰাকীৰ বন্ধু, জগত সিঙে যিগৰাকী চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল, সেইসকলৰ পৰাও আৰক্ষীয়ে তথ্য সংগ্ৰহ কৰিছে। উল্লেখ্য যে জগত সিঙৰ দুই পুত্ৰ কৃষণ সিং আৰু জীৱন সিং আৰু ৰেকিবুদ্দিন আহমেদ নামৰ এজন ফার্মাচিষ্টক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে কৰ্তব্যত গাফিলতি কৰা তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাসক ৰিজার্ভ ক্ল’জ কৰে আৰু যান-বাহন আৰক্ষীৰ দায়িত্বত থকা দীপাংকৰ গগৈক তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব অর্পণ কৰে। হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত ৰাইজে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী, আৰক্ষী অধীক্ষক শুভ্রজ্যোতি বৰা আহি ৰাইজক আশ্বাস প্রদান কৰে।