তিতাবৰত গৌৰৱ গগৈ গ’ বেক ধ্বনি কংগ্ৰেছৰ
ৰঙিলী বাৰ্ত্তাসেৱা- তিতাবৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ ভিতৰত এতিয়া এক প্রকাৰ উত্তেজনাপূর্ণ পৰিস্থিতি সৃষ্টি হৈছে। তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিধানসভাত প্রতিনিধিত্ব কৰা তিতাবৰ সমষ্টি উত্তাল হৈ পৰিল গৌৰৱ গগৈ গ’ বেক ধ্বনিত। বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ টিকট কৰ্তনত ক্ষুব্ধ হৈ একাংশ কংগ্ৰেছীয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰে। এই ঘটনাই তিতাবৰৰ ৰাজনৈতিক পৰিৱেশত নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ সমৰ্থক কংগ্ৰেছীসকলে একমুখে কয় যে তিতাবৰত ভাস্কৰজ্যোতি বৰুৱাৰ প্ৰাৰ্থিত্ব কৰ্তন কৰি প্রাণ কুর্মীক প্রক্ষেপ কৰাটো আমাৰ বাবে অতি দুখবৰ। ইয়াৰ দ্বাৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক অসন্মান কৰিছে। এইটো তিতাবৰৰ জনসাধাৰণে কেতিয়াও গ্রহণ কৰিব নোৱাৰে। প্ৰকৃততে এনে সিদ্ধান্তই বিজেপি প্রার্থী ধীৰাজ গোৱালাকহে বিজয়ী কৰাত সহায়ক হ’ব। ক্ষুব্ধ কংগ্রেছীসকলে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক সকীয়াই দিয়ে। তেওঁলোকৰ মতে, প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সিদ্ধান্ত সলনি নকৰিলে ইয়াৰ ফল ভোগাৰ বাবে এতিয়াৰে পৰা সাজু হৈ থাকিব লাগিব। দলত নিষ্ঠাৰে কাম কৰি থকা এজন বিধায়কক এইদৰে টিকট নিদিয়াটো অন্যায় বুলি ক্ষুব্ধ কংগ্ৰেছীসকলে মন্তব্য কৰে। তেওঁলোকে ‘গৌৰৱ গগৈ গ’ বেক’, ‘এই অন্যায় সহ্য নকৰোঁ’ আদি শ্লোগানেৰে তিতাবৰৰ আকাশ-বতাহ মুখৰ কৰি তোলে। প্রতিবাদকাৰী দলীয় কর্মীসকল সমবেত হয় টিকটবঞ্চিত বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ বাসগৃহত।
