তাহানিৰ সেই নৈ খন- হেমন্ত কুমাৰ বৰা

Pc Wikipedia

‘‘ তাহানিৰ সেই নৈ খন ”

হেমন্ত কুমাৰ বৰা

ক’ব নোৱাৰা
বহু কথা নৈ খনে
ক’বলৈ বিচাৰে !
বুজিব নোৱাৰা
বহু সাথৰৰ উত্তৰ
নৈ খনে দিবলৈ
বিচাৰে !
চিনিব নোৱাৰা
বহু অচিন বস্তু
নৈ খনে চিনাই
দিবলৈ বিচাৰে …
যুগ-যুগ ধৰি
অজস্ৰ বোজা
বহন কৰা নৈ খন
এতিয়া মৃতপ্ৰায় !!!!!
বোজাৰ ভাৰে নৈখনক…
ভাগৰুৱা কৰি
তুলিছে !
কিন্তু নৈখনৰ
বুকুৰ বেদনাৰ
হিচাপ ল’বলৈ
কাষত কোনো নাই!
মই মোৰ জীয়া
কলংখনৰ পৰাই
ক’বলৈ বিচাৰিছোঁ !!
সহস্ৰ বছৰ
বোজা বহন কৰি
নৈ খন এতিয়া
ক্লান্ত!
কোনোবাই জীয়াই
তুলিব পাৰিবনে ,
মোৰ স্নেহৰ
কলংখনক???