তামোল-পাণৰ স্থান চফে দখল কৰিব নেকি
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
পাণ তামোল অসমীয়া সংস্কৃতিৰ প্ৰাণ।ই আমাৰ আৱেগ। ইয়াৰ অবিহনে আমি অসম্পূর্ণতা। যদিও পণ্ডিতসকলৰ মতভেদ আছে তথাপিও ই অষ্ট্ৰিকসকলৰ দান বুলি ভাবোঁ। পাণে হাড়ে-হিমজুৱে অসমীয়াৰ স্বকীয় সংস্কৃতিৰ ভঁৰাল চহকী কৰিছে। ‘খ্রীষ্টীয় দ্বাদশ শতিকাত ৰচিত কালিকা পুৰাণত পোন প্রথমবাৰৰ বাবে ধর্মীয় দক্ষিণা হিচাপে তামোল-পাণ দিয়াৰ উল্লেখ আছে। প্ৰাগজ্যোতিষপুৰ নগৰখন ৰজা বলবর্মনে তামোল-পাণৰ গছ ৰুই সজোৱা বুলি বর্ণনা আছে। সপ্তম শতিকাত পোৱা শিলালিপিতো লৌহিত্যৰ পাৰত তামোল-পাণৰ থকাৰ উল্লেখ আছে। জনশ্রুতি মতে, তামোল-পাণেৰে আগুৰি থকা বাবেই প্রাগজ্যোতিষপুৰৰ নাম পাছলৈ গুৱাহাটী (গুৱা= তামোল) হয়।’ বাৰীত তামোল-পাণ ৰোৱা অসমীয়া গাঁৱলীয়া মানুহৰ যেন ধৰা-বন্ধা ৰীতি। প্ৰত্যক অসমীয়া মানুহৰ প্ৰিয় কথা এফাকি মন কৰিবলগীয়া, “আগফাল শুৱনি কাকিনী তামোল, পাছফাল শুৱনি পাণ। ” তামোল ৰোৱা আৰু তামোলৰ বাৰী পতা সম্বন্ধে ডাকৰ বচন আছে ।তামোল পাণে যেন ডাকৰ বচনৰ ভৰাঁলকো মেটমৰা কৰিছে। পূজাৰ পাতলে, দায়- দোষ মুচনাৰ্থে, সভা- ৰভা সকলোতে ইয়াৰ ব্যৱহাৰ অপৰিহাৰ্য্য। প্ৰত্যেকজন অসমবাসীৰ ঘৰত ভাত খোৱাৰ পিছত তামোল এখন নোখোৱালৈ তৃপ্তিৰে ভাতসাজ হজম নহয়। অসমীয়া সমাজত তামোল খোৱা অভ্যাসটো প্রাক আৰ্য সংস্কৃতিৰ পৰা অহা বুলি পণ্ডিতসকলে অনুমান কৰিছে।গতিকে ই আমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে মিলি গৈছে। বাংলা সমাজতো ইয়াৰ বহুল ব্যৱহৃত ৰূপ লক্ষ্যণীয়। হোমযজ্ঞত গোটা তামোল জুইত অৰ্পন কৰা নিয়ম তেওঁলোকৰ ধৰ্মত আছে।কিন্তু বর্তমান আধুনিক সমাজৰ পাকচক্ৰত ইয়াৰ ব্যৱহাৰতো যেন আধুনিকতাৰ চাপ পৰিল। আজিকালি বিয়া এখনলৈ গ’লে তাহানিৰ সেই তামোল পাণৰ বটাখনত পাণ তামোল দেখা নাযায় তাৰ পৰিৱৰ্তে কইনাই ৰং বিৰঙী পাণ মছলা ,চফেৰে পৰিপূৰ্ণ বটাখন আগবঢ়াই দিয়ে। নোসোধালৈ পাণ – তামোল হাতত নপৰে। আমাৰ পৰম্পৰাগত সংস্কৃতিক আধুনিকতাৰ ধামখুমীয়াই গ্ৰাস কৰিবলৈ উপক্রম হৈছে। এনেকৈ অব্যাহত থাকিলে পাণ-তামোল কেৱল ইতিহাসৰ পৃষ্ঠা দখল কৰিবলৈ সক্ষম হ’ব।