তামুলপুৰত প্রমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন
ৰঙিলী বাৰ্ত্তাসেৱা-তামুলপুৰ (জনজাতি) সমষ্টিৰ বাবে এনডিএৰ প্রার্থী বিশ্বজিৎ দৈমাৰী আৰু ইউপিপিএলৰ প্রার্থী প্রমোদ বড়োৱে মনোনয়ন-পত্র দাখিল কৰে। মনোনয়ন-পত্র দাখিলৰ পূৰ্বে দলৰ নেতা-কর্মী আৰু হাজাৰ হাজাৰ সমৰ্থকে এনডিএৰ প্রার্থী বিশ্বজিৎ দৈমাৰীক লৈ এক বিশাল ৰেলী উলিয়ায়। ৰেলীত অংশগ্ৰহণকাৰীসকলে ‘বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নীতিন নবীন জিন্দাবাদ, ড° হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, বিশ্বজিৎ দৈমাৰী জিন্দাবাদ’ আদি ধ্বনি দিয়ে। বিশ্বজিৎ দৈমাৰীয়ে মনোনয়ন পত্র দাখিলৰ সময়ত তেওঁক সংগ দিয়ে মন্ত্রী জয়ন্ত মল্লবৰুৱা, বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী, কাৰ্যবাহী সদস্য গণেশ কছাৰী, লক্ষী (ভজন) দাস আদিয়ে। মনোনয়ন-পত্র দাখিলৰ অন্তত বিশ্বজিৎ দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, মোক হাজাৰ হাজাৰ সমৰ্থকে সংগ দিলে। ইমান সমৰ্থকৰ মৰম পোৱাটো মোৰ সৌভাগ্য। মই জয়ী হোৱাটো নিশ্চিত। প্রমোদ বড়োৱে নির্বাচনত অংশ লোৱা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, নির্বাচনত সকলোৱে অংশ ল’ব পাৰে, সাংবাদিকেও পাৰে। ইপিনে সমষ্টিটোৰ বাবে ইউপিপিএলৰ প্ৰক্ষেপিত প্রার্থী দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কার্যবাহী প্রমোদ বড়োৱেও মনোনয়ন-পত্র দাখিল কৰে। মনোনয়ন-পত্র দাখিলৰ পূৰ্বে দলৰ নেতা-কর্মী আৰু সমর্থকসকলেও এক বিশাল ৰেলী উলিয়ায়। দলৰ নেতা-কর্মী আৰু সমর্থকসকলে ‘ইউপিপিএল জিন্দাবাদ, প্রমোদ বড়ো জিন্দাবাদ, ইউ জি ব্রহ্ম জিন্দাবাদ’ আদি ধ্বনি দিয়ে। মনোনয়ন-পত্র দাখিলৰ সময়ত প্রমোদ বড়োক সংগ দিয়ে তেওঁৰ পত্নী পাৰল ভৰালী বড়ো, মন্ত্রী ইউ জি ব্রহ্ম, বিধায়ক জলেন দৈমাৰী আদিয়ে। মনোনয়ন-পত্র দাখিলৰ অন্তত প্রমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয়, আমাৰ কোনো ৰাজনৈতিক দলৰ লগত বিৰোধ নাই। আনকি হাগ্ৰামা মাহিলাৰীৰ লগতো ব্যক্তিগত শত্রুতা নাই। প্রমোদ বড়োৱে আকৌ কয়, আমাৰ দলৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত, আমাৰ দ্বিতীয় কোনো সিদ্ধান্ত নাই। মই মনোয়ন-পত্র উঠাই লোৱাৰ কোনো প্রশ্নই নাই। আমি বিটিচিৰ ১৫টা আৰু বিটিচিৰ বাহিৰৰ ৫টা সমষ্টিত প্রার্থী প্রক্ষেপ কৰিছোঁ। তাৰে ভিতৰত আমি ১০ৰ পৰা ১২খন আসন লাভ কৰিম। ৰাজ্য চৰকাৰত আমি ডাঙৰ ভূমিকা ল’ম।
