তামিলনাডু চৰকাৰে অসমক ঘূৰাই নিদিয়ে জয়মালাক
ৰঙিলী বাৰ্ত্তাসেৱা- জয়মালা নামৰ হাতীটোৰ সন্দৰ্ভত তামিলনাডু চৰকাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ক দাখিল কৰে এক প্ৰতিবেদন ৷ সেই অনুসৰি, তামিলনাডু চৰকাৰে অসমক জয়মালা ঘূৰাই নিদিয়ে বুলি নিজৰ স্থিতি স্পষ্ট কৰিছে ৷ লগতে অসমক জয়মালা ঘূৰাই নিদিয়াৰ কোনো পৰিকল্পনা নাই বুলিও একপ্ৰকাৰে সদৰী কৰিছে ৷মাদ্ৰাজ উচ্চ ন্যায়ালয়ক কাৰ্যকৰী মুখ্য ন্যায়াধীশ এম দুৰাই স্বামী আৰু ন্যায়াধীশ সুন্দৰ মোহনৰ বিচাৰপীঠে অতিৰিক্ত অধিবক্তা জেনেৰেল জে ৰবীন্দ্ৰনে দাখিল কৰা প্ৰতিবেদন অনুসৰি, অসমক জয়মালাক ঘূৰাই দিয়াৰ কোনো পৰিকল্পনা নাই ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ ২৬ আগষ্টত পিপল ফ’ৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (পেটা) ইণ্ডিয়াৰ এটা দলে মন্দিৰ চৌহদত জয়মালাক অত্যাচাৰ কৰা এটা ভিডিঅ’ মুকলি কৰিছিল । পেটা এই ভিডিঅ’ৰ পিছত অসম চৰকাৰে হাতীটোৰ অৱস্থা পৰীক্ষা কৰাৰ লগতে হাতীটো অসমলৈ ঘূৰাই অনাৰ বাবে অসম চৰকাৰে চাৰিজনীয়া এটা বিশেষ দল তামিলনাডুলৈ প্ৰেৰণ কৰিছিল । এই বিষয়টোৰ সন্দৰ্ভত জৰুৰী শুনানিৰ বাবে উচ্চ ন্যায়ালয়ৰ সন্মুখত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন উল্লেখ কৰা হৈছিল । এই আবেদন অনুসৰি, তামিলনাডু চৰকাৰৰ মন্দিৰত হাতীৰ বাবে কিছু নিৰ্দিষ্ট নিয়ম আছে । এই নিয়ম অনুসৰি মন্দিৰত থকা জন্তুবোৰৰ যত্ন লোৱাৰ প্ৰয়োজন ৷ লগতে মন্দিৰত থকা জীৱ-জন্তুসমূহৰ সংশ্লিষ্ট মন্দিৰৰ তিনি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজত ভালদৰে ৰাখিব লাগে ।আনকি উক্ত মন্দিৰসমূহত বিশেষকৈ হাতীবোৰ খুব ভালদৰে যত্ন লোৱা হয় বুলি উচ্চ ন্যায়ালয়ত দাখিল কৰে তামিলনাডু চৰকাৰে ৷ সেয়ে অসমৰ পৰা অনা জয়মালা আৰু আন হাতীবোৰে তামিলনাডুত থাকিব, অসম ঘূৰাই দিয়া নহ’ব বুলি উল্লেখ উচ্চ ন্যায়ালয়ক দাখিল কৰে চৰকাৰে ।