তামাৰহাট থানাৰ আৰক্ষী বিষয়া কপিল বৰাক গ্ৰেপ্তাৰ 

তামাৰহাট থানাৰ আৰক্ষী বিষয়া কপিল বৰাক গ্ৰেপ্তাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ কৰুণ মৃত্যুক সাবটি লোৱা ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মেছপাৰা গাঁৱৰ প্ৰয়াত মনোহৰী ৰায়ৰ উচিত ন্যায়, হত্যাকাণ্ডৰ খলনায়ক তামাৰহাট থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল বৰা আৰু হত্যাকাণ্ডৰ লগত জড়িত অন্যান্য দোষী আৰক্ষী জোৱানসকলৰ শাস্তিৰ দাবীত বিভিন্ন দল-সংগঠনে তামাৰহাট থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।  জনসাধাৰণৰ ক্ষোভ বৃদ্ধি পোৱাৰ মাজতে ৮ অক্টোবৰৰ নিশা তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল বৰাক ধুবুৰী জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। নিশা ন্যায়িক দণ্ডাধীশৰ আগত হাজিৰ কৰোৱা হয় কপিল বৰাক। তাৰ পাছত নিশা প্ৰায় ১১:৪০ বজাত তেওঁক কাৰাগাৰলৈ লৈ যোৱা হয়। ঘটনা অনুসৰি, যোৱা ২৮ ছেপ্টেম্বৰৰ দিনা তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল বৰাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই স্থানীয় ঠিকাদাৰ হাবিবুল শ্বেখৰ সৈতে জড়িত মজুৰি অনাদায়ৰ বিবাদৰ গোচৰত মনোহৰ ৰয়ৰ লগতে আন দুজন ব্যক্তি ৰাকেশ ৰয় আৰু গণেশ ৰয়ক আটক কৰা হৈছিল। তাৰপিছতেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল বৰাৰ নেতৃত্বৰ আৰক্ষীৰ দলটোই লোককেইজনক থানাখনৰ পিছফালে মাতি নি অমানৱীয়ভাৱে প্ৰহাৰ কৰে। উক্ত মাৰপিটৰ ফলত তিনিজন যুৱকৰ ভিতৰত মনোহৰী ৰায় নামৰ যুৱকজন গুৰুতৰভাৱে অসুস্থ হৈ পৰে। পিছত গুৰুতৰভাৱে অসুস্থ হৈ পৰা মনোহৰী ৰায়ক ১ অক্টোবৰত তামাৰহাট প্রাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও পথতে মনোহৰী ৰায়ৰ মৃত্যু হয়। ঘটনাটো সংঘটিত হোৱাৰ পিছতে তামাৰহাট থানাৰ আৰক্ষী বিষয়া কপিল বৰাক জিলা প্রশাসনে চাকৰিৰ পৰা নিলম্বন কৰিছিল।