চুটিগল্প
“তাই নিৰ্দোষী আছিল”
“মা” মোৰ ভোক লাগিছে…..
পাঁচ বছৰীয়া পুতেকৰ মুখৰ পৰা কৰুণ সুৰত ভাঁহি অহা বাক্য শাৰীয়ে নিৰুমাইৰ কলিজা কঁপাই দুখ আৰু বেজাৰে হেঁচা মাৰি ধৰিলে। একমাত্ৰ সন্তানটোৰ বাহিৰে এই পৃথিৱীত আত্মীয় বুলিবলৈ কোনো নথকা নিৰুমাই আজি অসহায় হৈ মাত্ৰ নীৰৱে চকুলো টুকিছে।
কৰিব কি! তাই আজি উপায়হীন।দিনৰ শেষত দুবেলাৰ খাদ্য যোগাৰ যি পথ আছিল সেয়াও নিজৰ কাৰণেই বন্ধ হ’ল। আগেই গোটাই থোৱা যি দুই, এপদ খাদ্য আছিল সেয়া যেনিবা দুদিন মান চলিল। কিন্তু চলিব যে সদায় নোৱাৰি সেয়ে আজি উদং চৰু। ফলত খাবলৈ নাপায় পুতেকে নমাইছে চকুপানীৰ নৈ।
দুদিন মানৰ আগলৈকে অভাৱ হোৱা নাছিল সিহঁত দুটি জীৱৰ বাবে দৈনিক প্ৰয়োজন হোৱা অন্ন মুঠি। আজি ইমান বছৰ যদিও বহুত অভাৱৰ মাজত জীয়াই আছিল নিৰুমাই তথাপি এমুঠি আহাৰৰ অভাৱ কেতিয়াও কোনোদিন হ’ব দিয়া নাছিল তাই।পিছে সিদিনা লাজ, অপমান আৰু খংত গাঁৱৰে মহাজনক বহুত কিবা কিবি কৈ আপোনাৰ ঘৰত আজিৰ পৰা কাম নকৰোঁ বুলি কৈ মহাজনৰ ঘৰৰ পৰা গুচি অহাৰ লগে লগেই আৰম্ভ হৈছিল এক নতুন অভাৱৰ ৰূপত ইয়াৰ আৰম্ভণি।
আচলতে সিদিনা কথা অলপ ডাঙৰেই আছিল টকা থকা মহাজনেহে টকাৰ টোপ দি কথাটো সৰু কৰি ৰাখিলে আৰু নিজে নিৰ্দোষী হৈ তাইক দোষী সাজিলে।সময়তো তেতিয়া সন্ধ্যা তেনেতে গৈ ওলাইছিল সেইদিনা নিৰুমাই মহাজনৰ ঘৰত। কাৰণ মহাজনৰ ঘৰত কাম পৰা বাই হিচাপে থকা নিৰুমাইয়ে মাহৰ শেষত পাব লগা টকা কেইটা আনিব খুজিছিল কিয়নো তাইৰ এতিয়া খুবেই হৈ আছে কিছু টকাৰ প্ৰয়োজন। মনতে ভাবি গৈছিল মহাজনে দিয়া নাই আগৰ দুটা মাহৰ দৰমহা তাতে এই মাহৰ হিচাপ লগালে ভালেকেইটা টকা পাম গতিকে ঘৰৰ খুটা কেইটা আৰু চালত ফুটা টিং কেইখন সলাই নতুনকৈ লগাব লাগিব। নহলে বাৰিষা কিমান পানী খোপা টুকিম হে’ৰ।
ঘৰ পায়েই মাত লগালে মধু ককাইদেউ( মহাজনৰ নাম) আপুনি আছে নে ঘৰত? সিফালৰ পৰা মাত লগালে আছোঁ অ” নিৰু বাই কি হ’ল? ককাইদেউ মাহৰ মূৰত পাব লগা টকা কেইটা নিব আহিছোঁ দুটা মাহৰ দিব বাকী আছে সেইকেইটাও দিয়ক বৰ কষ্ট হৈছে চলিবলৈ। কিন্তু টকাকেইটা একে উশাহেৰে নিদিওঁ বুলিহে কৈ মহাজনে ওলোটাই তাইক গালিহে পাৰিলে । গালি শুনি গোসাঁনী জনী হৈ পৰা খুব কমেই খং উঠা নিৰুমাইয়ে সেইদিনা মহাজনকো শুনাই দিলে বাৰে বাৰে দৰমহা দিয়াত হেলা কৰাৰ বাবে বিভিন্ন কথা। কথা খিনি সচাঁ আছিল আৰু সম্পূৰ্ণ মাৰ্জিত কোনো ভুল শব্দ প্ৰয়োগ নাছিল।কিন্তু অহংকাৰী আৰু সমাজৰ বৰ মানুহ হিচাপে গণ্য কৰা মহাজনে সেই কথাত অপমান বোধ কৰি তেওঁৰ মুখৰ পৰা নিক্ষেপ কৰিলে তাইৰ বাবে এগালমান অশ্লীল,বহু খিনি তিৰষ্কাৰ, আৰু নাৰীক বাবে অপমানসূচক শব্দ।
তাই এজনী নাৰী হোৱাৰ পাছতো গতিয়াই খেদি দিয়া হ’ল। এটা চৰ ও লগতে তাইক উপহাৰ দিয়া হ’ল।পাছদিনা তাই গাঁৱত ৰাইজ মেল দিলে কিন্ত স্পষ্টকৈ তাইৰ কোনো ভুল নথকাৰ পাছতো কথা পকাই পকাই তাইৰ ওপৰত হে ভুল জাপি দিয়া হ’ল। এক প্ৰকাৰ বিনা কাৰণত বদনামৰ গৰাকী হ’ল। কিয়নো তাইৰ জনাই নাছিল বিচাৰ দিয়া সমাজখন যে নিৰপেক্ষ নহয় ধনী দুখীয়া প্ৰভেদ ৰাখে, আত্মীয়,আপোন জনৰ বাবে যে কান্দে। টকাৰে যে আজিকালি এখন সমাজ কিনিব পাৰে। ফলত বদনামী তিৰোতা বুলি কোনেও কাম দিব নিবিচৰা সেইজনী নিৰুমাইৰে আজি অৱস্থা এইয়া এমুঠি খাদ্যৰ বাবে হাহাকাৰ।
মুন শৰ্মা,লখিমপুৰ