তাই আপোনাৰ বুলি কোৱাৰ আগতে জানি লওক তাই কাৰ
ৰিতু ভৰালী,যোৰহাট
আজিকালি এই বাক্যটো প্ৰায় শুনা যায় -‘তাই মোৰ’।
ঠিক এইখিনিতে কেতিয়াবা তাই হেৰাই যায়,তেওঁ বোলাজন হেৰাই যায়। কোনেও নভবাকৈয়ে ঘটনাবোৰ ঘটি যায়,নহয়নে!কেতিয়াবা ঘটনাবোৰ কৰো বুলিয়েই কৰি পেলাই। হত্যা,আত্মহত্যা,বলাৎকাৰ,অপহৰণ;এইখিনি তাই শব্দটোৰ পৰাই জন্মে। সঁচা অৰ্থত ই এক মূৰ্খামি বা পাগলামী।এটা কথা কি জানে সকলোৰে ভাগ্যত তাই নাথাকে।জন্ম- মৃত্যু- বিবাহ এই সকলোখিনি ভাগ্যৰ লিখন।যাৰ,য’ত,যেনেকৈ লিখা আছে তেনেকৈহে হ’ব।ই অপ্ৰিয় হ’লেও সত্য।যিটো আমাৰ বা আপোনাৰ ভাগ্যত নাই তাক আমি জোৰ কৰি লাভ কৰিব নোৱাৰোঁ।জোৰ কৰাটো কোনো যুক্তিও নহয়।প্ৰথমে নিজক ভাল পাবলৈ শিকক।এই জীৱন বহু মূল্যবান।নিজকে শেষ কৰি দিওঁতে ঘৰখনলৈ, নিজৰ মাতৃ গৰাকীলৈ মনত নপৰে নে।দহ মাহ দহ দিন গৰ্ভত ৰাখি পতি গৰাকী মাতৃয়ে এই জীৱন ধন্য কৰে । বুজিছে,এই জীৱন শেষ হৈ যাবলৈ নিশিকাব,জীৱন জীয়াবলৈ শিকাওক।সম্পৰ্ক এটা বান্ধোতে একেবাৰে বান্ধি নেপেলাব।তাই মোৰ নহ’লে আনৰো হ’ব নোৱাৰে কথাষাৰত শিকলি লগাই নিদিব।ওলাই যাব পৰাকৈ বাট এটা ৰাখি থ’ব।আকৌ কৈছোঁ সম্পৰ্ক এটাত ইমানো বাট নেহেৰুৱাব যে খোলা দুৱাৰখনো বন্ধ বুলি ৰৈ যাব আজীৱন। ৰৈ নিদিব গৈ থাকক। কাৰণ ধৈৰ্য্য জীৱন জীওৱাৰ মূল চাবি-কাঠি।মনত ৰাখিব তাই আপোনাৰ নহ’লেও আপোনাৰ ভাগ্যৰ তাইজনী আপোনাৰেই হ’ব।