তহঁতৰ জীৱনবোৰ এনেকৈ যাৱ – শৈলেন কুমাৰ

খণ্ড-১

তহঁতৰ জীৱনবোৰ এনেকৈ যাৱ 

শৈলেন কুমাৰ, মিৰ্জা

উপৰোক্ত কথাশাৰী এজন মানুহে কেতিয়া ব্যক্ত কৰে,যেতিয়া এজন ব্যক্তি আন এজন ব্যক্তিৰ কৰ্মকাণ্ডত অতিষ্ঠ হয় নতুবা অতিশয়ৰ যেতিয়া চূড়ান্ত সীমা চেৰাই যায় ৷ এজন ব্যক্তি বৰ্তমান সময়ত সমাজ, ৰাজনীতি, সংসাৰ, সংবাদ, সন্ত্ৰাসবাদ এই চাৰিটা বিষয়ৰ প্ৰভাৱত পৰিচালিত হোৱা দেখা পোৱা গৈছে ৷ শিক্ষক পিতৃৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰা হয়,তেখেতৰ আদৰ্শ জীয়াই ৰখাৰ স্বাৰ্থত কিন্তু সমাজৰ আগত নিজস্ব নীতিআদৰ্শৰ শ্ৰাদ্ধ পাতি সমাজ য’ত যিমান কুকৰ্ম আছে সকলোতে ন্যস্ত হৈ দুই নম্বৰী টকা ঘটি বিশাল অট্টালিকাৰ মালিক হৈ সেই অট্টালিকাত ঘৈণীয়েকক ৰাজৰাণী পাতি জন্মদাত্ৰী মাতৃক ৰখা যায় মুধাফুটা গাহৰিৰ গড়ালত তেতিয়া যদি নিজক প্ৰশ্ন নকৰি আনক প্ৰশ্ন কৰা যায় আপুনি কেনেকৈ দুৰ্নীতি কৰি টকাৰ পাহাৰ গঢ়িলে ? তেতিয়া তহঁতে সমাজক দেখুওৱা ভুৱা আদৰ্শবাদ ৰসাতলে যায় ৷ ৰাজনীতি মানে ৰজাৰ নীতি ৷ আপুনি নিৰ্বাচনত প্ৰতিদন্দীতা কৰিছে কিন্তু আপুনি নেজানে আপুনি কি বিচাৰি ৰাজনীতিত নামিছে আৰু যিয়ে আপোনাক ভোট দি জয়ী কৰিব সিহঁতবোৰেও নেজানে আমাক কি লাগে ? কথাটো হ’ল ৰজাই নেজানে মই কিয় ৰজা আৰু প্ৰজাই নেজানে আমি কিহৰ বাবে প্ৰজা ? সেয়া হৈছে বৰ্তমান ৰাজনৈতিক প্ৰক্ষাপটত বৃহৎ ডাঙৰ প্ৰশ্ন ? সংসাৰ হৈছে দেহমনৰ কামনাৰ প্ৰতিফল ৷ দেহত উত্তেজনা বৃদ্ধি হ’ল আৰু পুৰুষ আৰু নাৰীৰ সংগমত সংসাৰৰ সৃষ্টি হ’ল কিন্তু পুৰুষে নেজানে নাৰীৰ কথা আৰু নাৰীয়ে নেজানে পুৰুষৰ কথা অৱশেষত বিচ্ছেদ ৷ সংবাদ জনতা আৰু জনাৰ্দ্দনৰ মাধ্যম ৷ ৰাইজৰ অভাৱ অভিযোগ ৰজাৰ কানত প্ৰক্ষেপিত কৰা সংবাদ বাহক ৷ কিন্তু সংবাদৰ গতি সলনি হ’ল,সংবাদ বাহক সকল ৰজাৰ গুলাম হ’ল ৷ সংবাদবোৰ এতিয়া একপক্ষীয় হ’ল ৷ টকা নিদিলে ৰাইজৰ বিননি শুনিবলৈ সংবাদবাহকৰ কান বন্ধ হ’ল ৷ সংবাদবাহক সকল বৰ্তমান আমোদপ্ৰমোদ,মনোৰঞ্জনৰহে বাহক হ’ল ৷ নিজৰ মাজতে খামখেয়ালী, হিংসা,ঈৰ্ষাত মছগুল ভিউৱাৰচ আৰু ফোলোৱাৰছৰ পিছত দৌৰা হ’ল৷ সেইবাবে প্ৰত্যক্ষদৰ্শী গুণীজ্ঞানী জনে কবলৈ বাধ্য হ’ল তহঁতৰ জীৱনবোৰ এনেকৈয়ে গ’ল ৷ সন্ত্ৰাসবাদ বৰ্তমান সকলোৰে মুখত চৰ্চিত এটা বাক্য ৷ শিক্ষাৰ অভাৱ,দৰিদ্ৰতা আৰু ধৰ্মান্ধ আদিৰ সৃষ্টি হৈছে সন্ত্ৰাসবাদা ৷ কাশ্মীৰৰ পেহেলগামত হোৱা নিৰীহ পৰ্যটকৰ ওপৰত হোৱা বৰ্বৰতাৰ লগতে নৰসংহাৰ মানৱসমাজৰ বাবে ভাবুকি স্বৰূপ ৷ কিজানি বা আপোনাৰ মাজতো এজন সন্ত্ৰাসবাদী লুকুৱাই আছে ৷ আপোনাৰ ভিতৰত লুকুৱাই থকা সন্ত্ৰাসবাদী জন বন্দুকধাৰী নহয় বৰঞ্চ সামাজিক,মানসিক আৰু আবেগিক দৃষ্টিকোণৰ দ্বাৰা পৰিচালিত ৷ গলত মতা সোণৰ চেইন,বিলাসী গাড়ী,হাতত Rolex ৰ দামী ঘড়ী,বিশাল অট্টালিকা পেছাত তেখেত মাটিৰ দালাল কিন্তু বিহুৰ মঞ্চ দাতা হৈ বিশিষ্ট সমাজ কৰ্মী,লগত লৈ ঘূৰাইছে- ফুৰাইছে আনৰ ঘৈণী ৷

( আগলৈ )