তল সৰা শেৱালি
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
তল সৰা শেৱালি ভৰিৰে গচকি
শেৱালিৰ সুবাস বৰ্ণনা কৰা জনে
কি বুজিব ইয়াৰ মহত্ব।
ফুল ছিঙী কিতাপৰ ভাঁজত
লুকুৱাই থোৱা জনে কি বুজিব
শেৱালিৰ মৰমৰ মৰ্যদা।
সুবাসৰ সোঁত বোৱাই নিয়া
সেউজীয়া বতাহে গাই যায়
প্ৰতিটো পাহিৰে ৰং সানি দিয়া
প্ৰভাতী সূৰ্য্যৰ চুমাৰ দৃশ্যৰ গুণ।
বুকুৰ গহীনত থুপিয়াই ৰখা
সেই সোণালী কেঁচা ৰ’দে
মৰমৰ শিকলিৰে মেৰিয়াই
অশান্ত জীৱনক শান্ত কৰে।
তল সৰা শেৱালিৰ কি মহত্ব
অনুভৱ কৰা জনেহে বুজিব
ভালপোৱাৰ নামত গচকাজনে
অনুধাৱন কৰিব নোৱাৰে কেতিয়াও।