তদন্তৰ আওতাত আহিব শ্যামকানু আৰু সিদ্ধার্থ শর্মা
ৰঙিলী বাৰ্ত্তাসেৱা- যুৱপ্ৰজন্মৰ হার্টথ্র’ব জুবিন গাৰ্গৰ ছিংগাপুৰত আকস্মিক বিয়োগত সমগ্ৰ ৰাজ্য শোকবিহ্বল হৈ থকাৰ সমান্তৰালভাৱে নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্রকাশ ঘটিছে। ৰাজ্যৰ বিভিন্ন স্থানত দুয়োজনৰ বিৰুদ্ধে দল-সংগঠন আৰু ব্যক্তিবিশেষে দাখিল কৰিছে এজাহাৰ। এই সমগ্র বিষয়টোক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক গুৰুত্বপূৰ্ণ কথা সদৰী কৰে। তেওঁ সকলো এজাহাৰ চিআইডিলৈ স্থানান্তৰ কৰাৰ লগতে পুংখানুপুংখ তদন্তৰ বাবে এটা সংহত গোচৰ পঞ্জীয়ন কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিট সিঙক নির্দেশ দিয়ে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু আকস্মিক মৃত্যুক লৈ শ্যামকানু মহন্ত-সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে। মই অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক সমূহ এজাহাৰ চিআইডিলৈ স্থানান্তৰ আৰু পুংখানুপুংখ তদন্তৰ বাবে এটা সংহত গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা প্রদান কৰিছোঁ। জুবিন গাৰ্গৰ অকাল বিয়োগৰ বিষয়ত ছিংগাপুৰৰ উচ্চাযুক্ত ছাইমন ব্ৰঙৰ সৈতে কথা পতাৰ বিষয়েও মুখ্যমন্ত্রী ড° শর্মাই জানিবলৈ দিয়ে। শিল্পীগৰাকীৰ অকাল বিয়োগৰ বিশদ অনুসন্ধানৰ বাবে ছিংগাপুৰৰ উচ্চায়ুক্ত বঙক অনুৰোধ জনোৱাৰ কথা সদৰী কৰি তেওঁ কয় যে ছিংগাপুৰ চৰকাৰে এটা সম্পূৰ্ণ নিৰপেক্ষ তদন্ত কৰিব আৰু অসম চৰকাৰক জনাব। ছিংগাপুৰৰ উচ্চায়ুক্তই মোক এই কথা দিছে। অসমৰ বিভিন্ন স্থানত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে গোচৰ পঞ্জীভুক্ত হৈছে। গোটেইখিনি এজাহাৰ আমি চিআইডিলৈ হস্তান্তৰ কৰিছোঁ। চিআইডিয়ে ইতিমধ্যে তেওঁলোকৰ ওপৰত ভাৰতীয় ন্যায় সংহিতাৰ ৬৩ (২), ১০৫ আৰু ১০৬নং ধাৰাৰ অধীনত ১৮/২০২৫ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে। আমাৰ তদন্তৰ আওতাত শ্যামকানু মহন্তও আহিব, সিদ্ধার্থ শর্মাও আহিব। লগতে ছিংগাপুৰৰ যিসকল লোকে শেষ সময়ত জুবিন গাৰ্গৰ লগত আছিল তেওঁলোকো আহিব তদন্তৰ আওতালৈ। এই প্রসংগতে মুখ্যমন্ত্রী ড° শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে এটা কথা ওলাইছে আগদিনাখন জুবিন গাৰ্গক পাৰ্টীৰ বাবে কোনোবাই এঠাইলৈ লৈ গৈছিল। সামাজিক মাধ্যমত দেখিছোঁ। সঁচা-মিছা নাজানো। সেইবিলাকো আমি চাম। ছিংগাপুৰ কৰ্তৃপক্ষই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। যিহেতু ঘটনা সংঘটিত হোৱা স্থান ভাৰত নহয়, সেয়েহে ইয়াত যদি অপৰাধমূলক কিবা আছে, সেই অংশটো ছিংগাপুৰৰ পৰা পাম। অসমৰ পৰা জুবিন গার্গক লৈ যাওঁতে যদি কিবা বেয়া ভাবি নিয়া হৈছিল, সেইটো অসমত পাম। এইক্ষেত্ৰত আমি চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষ হৈ থাকিম। ৰাইজৰ কোনোবাই যদি সাক্ষীও দিব বিচাৰে বা কাৰোবাৰ হাতত যদি কিবা খবৰো আছে, আমি সেয়া দিয়াৰ সকলো ব্যৱস্থা কৰি দিম। যাতে সমগ্র বিষয়টো মুকলি হৈ থাকে, কোনো কথা গোপনে নাথাকে।