তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া পুতুল দাসৰ  মৃত্যুত শোকসভা

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া পুতুল দাসৰ  মৃত্যুত শোকসভা

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া পুতুল দাসে দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত কালি সন্ধিয়া ইহসংসাৰ ত্যাগ কৰে। এই সন্দৰ্ভত  তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানৱেন্দ্ৰ দেৱ ৰায়ৰ সভাপতিত্বত এখন শোকসভা অনুষ্ঠিত কৰা হয়। প্ৰয়াত দাসৰ কৰ্মৰত জীৱনৰ গুণৰাজি স্মৰণ কৰাৰ লগতে এই সভাত ১ মিনিট সময় মৌনতা অৱলম্বন কৰি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয় আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা হয়। এক সুদীৰ্ঘ কাল সঞ্চালকালয়ত দক্ষতা তথা নিষ্ঠাসহকাৰে সেৱা আগবঢ়াই যোৱা প্ৰয়াত দাসে ২০১০ চনত পঞ্জীয়ক হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুটি সন্তানক এই সংসাৰত এৰি থৈ গৈছে।