তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  “তেজ মঙহৰ মানুহৰ মগজুৱে সঠিক ৰূপত নিয়ন্ত্রণ কৰি থকালৈকে কৃত্রিম বুদ্ধিমত্তাৰ অপকাৰ সীমিত হৈ থাকিব।”—তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীত ৰাজ্যিক ভিত্তিত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্রগুপ্ত কাশ্যপে এইদৰে কয়। ‘কৃত্রিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম’ শীৰ্ষক বিষয় সন্দৰ্ভত ভাষণ প্ৰদান কৰি তেওঁ আৰু কয় যে ভাৰতত বহু হাজাৰ বছৰ পূর্বেই মহাকাব্য আদিত আজিৰ কৃত্রিম বুদ্ধিমত্তাৰ নিদর্শন পোৱা যায়। মহাভাৰত ৰামায়ণত থকা উৰন্ত বথ, হংস বাহন আদি ইয়াৰেই পৰিচায়ক। আনহাতে ঘটোৎকচ বাট আছিল নেকি বুলিও গবেষকসকলে ক’ব বিচাৰে বুলি উল্লেখ কৰি ড° কাশ্যপে আৰু কয় যে আবা উপন্যাসৰ জিনৰ কাহিনীৰ ক্ষেত্ৰতো কৃত্রিম বুদ্ধিমত্তান উমান লাভ কৰা যায়। তেওঁ আন্তঃৰাষ্ট্রীয় পর্যায়ত হোৱা কৃত্রিম বুদ্ধিমত্তাৰ ক্ৰমবিকাশৰ ধাৰা উপস্থাপন কৰি ভাৰতৰ তথা অসমত ইয়াৰ প্ৰয়োগৰ লগতে কৃত্রিম বুদ্ধিমত্তাৰ ইতিবাচক আৰু নেতিবাচক আদি সমগ্ৰ দিশ সম্পৰ্কত মননশীল বিশ্লেষণ দাঙি ধৰে। তথ্য-প্ৰযুক্তিৰ উত্তৰণৰ ফলত সংবাদক্ষেত্ৰতো কৃত্রিম বুদ্ধিমত্তাৰ প্ৰয়োগে সাংবাদিকসকলৰ কার্যপৰিক্ৰমা সহজসাধ্য কৰি তুলিছে বুলি উল্লেখ কৰি কৃত্রিম অৱদানসমূহ সংবাদক্ষেত্ৰৰ বাবে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিলে সুফল পোৱা যাব বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ লগে লগে ডিপ ফেক (Deep fakes )ৰ দৰে টেকন’লজিয়ে নেতিবাচক প্ৰভাৱ পেলাইছে আৰু এইক্ষেত্ৰত সকলোৱে সচেতন হোৱা উচিত বুলি তেওঁ কয়। তদুপৰি কৃত্রিম বুদ্ধিমত্তাৰ যোগেদি সৃষ্টি কৰা নিউজ এংকৰৰ ফলত ভবিষ্যতে মানুহৰ দ্বাৰা বাতৰি পৰিবেশন সীমিত হ’ব পাৰে বুলিও তেওঁ কয় । ভাষণৰ আৰম্ভণিতে বক্তাগৰাকীয়ে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠাৰ ইতিহাস ব্যাখ্যা কৰি ভাৰত তথা অসমত সংবাদক্ষেত্ৰৰ বাটকটীয়াসকলক শ্ৰদ্ধাৰে সোঁৱৰে। যিহেতুকে সংবাদ মাধ্যম সমাজৰ দাপোন গতিকে সমাজৰ ৰুচি সংবাদ মাধ্যমে নষ্ট কৰিছেনে সমাজৰ বাবে সংবাদ মাধ্যমৰ পৰিবৰ্তন হৈছে সেয়া গৱেষণাৰ বিষয় বুলিও ভাষণ প্ৰসংগত তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আৰম্ভণিতে জনসংযোগৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰায়ে আদৰণি ভাষণ প্ৰদান কৰে। সভাত বিশিষ্ট সাংবাদিকসকল ক্রমে নিয়মীয়া বাৰ্তাৰ সম্পাদক নবেশ কলিতা, আসাম ৰাইজিঙৰ মুখ্য সম্পাদক ভূপেন ভট্টাচাৰ্য, দৈনিক অসমৰ কাৰ্যবাহী সম্পাদক দিলীপ মহন্ত, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শ‍ইকীয়াইও ভাষণ দিয়ে। সভাত তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ সচিব অৰুন্ধতী চক্ৰৱৰ্তী, প্রবীণ সাংবাদিকদ্বয় বৈকুণ্ঠ নাথ গোস্বামী, পদ্ম পাটৰ, দৈনিক পূর্বোদয়ৰ সম্পাদক ৰবি শংকৰ ৰবি, বাতৰি কাকতৰ সম্পাদক অনিল বৰ্মন, অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, জ্যেষ্ঠ সাংবাদিক বিজয় শংকৰ বৰাকে প্ৰমুখ্য কৰি সংবাদসেৱীসকলৰ লগতে তথ্য আৰু জনসংযোগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে তথ্য আৰু জনসংযোগৰ জিলা আৰু মহকুমা পৰ্যায়ৰ কাৰ্যালয়সমূহেও প্রশাসন। আৰু সংবাদ সংস্থাসমূহৰ সহযোগত ঠায়ে ঠায়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰে ।