তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কৰ্মচাৰী স্বৰ্ণ বৰুৱাৰ পৰলোকপ্ৰাপ্তি
দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কৰ্মচাৰী স্বৰ্ণ বৰুৱাৰ আজি ৯ মে’, ২০২৩ তাৰিখে গোলাঘাটত পৰলোকপ্ৰাপ্তি ঘটে। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত ‘শিল্পী’ ৰূপে যোগদান কৰা বৰুৱাৰ জীৱনৰ শেষমহূৰ্তলৈকে এগৰাকী নিষ্ঠাবান অমায়িক কৰ্মচাৰী হিচাবে আগবঢ়োৱা সেৱা নিতান্তই প্রসংশনীয়। ৫৮ বছৰ বয়সত কৰ্কট ৰোগত মৃত্যুবৰণ কৰা কৰ্মচাৰীগৰাকীয়ে এগৰাকী জীয়ৰী আৰু এজন পুত্ৰ সন্তানৰ লগতে বোৱাৰীক ইহসংসাৰত এৰি থৈ যায়। আজি তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সমূহ বিষয়া–কৰ্মচাৰীৰ উপস্থিতিত সঞ্চালক মানবেন্দ্ৰ দেৱ ৰয়ৰ সভাপতিত্বত এখন শোকসভা অনুষ্ঠিত হৈ যায়। সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীয়ে প্ৰয়াত বৰুৱাৰ কৰ্মজীৱনৰ বিভিন্ন দিশ আলোকপাত কৰে। আজিৰ সভাতে বৰুৱাৰ বিদেহ আত্মাৰ সদ্গতিৰ অর্থে এক মিনিট সময় মৌনতা অৱলম্বন কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ এক শোক প্ৰস্তাৱ প্ৰেৰণ কৰা হয়।
