তথাপি – সবিতা বেগম

PC - Pinterest
তথাপি
সবিতা বেগম, বৰপেটা
দিন, ক্ষণ , মাহ বসন্ত
পাৰ হ’ল কেতিয়াবাই
আজিও
সৌ ফাগুনৰ নঙঠা ডালে
শাৰী নিপিন্ধিলে ।
কেতিয়াবা বাৰুকৈ আমনি লাগে
জনমৰুৰ উৎকট শব্দবোৰ।
হেজাৰ নিৱেদনেও
মনটো মোৰ সতে থাকিবই নিবিচাৰে।
যদিও প্ৰতিটো ৰাতি স্নান কৰে উকা শেতেলিত
গাৰুখন পাহাৰত সাৱটি।
কেতিয়াবা আকৌ
টেবুলটোৰ ওচৰত মূৰে কপালে হাত দি
ৰৈ থাকে খিৰিকী খন মেলি
মমটোৰ সন্মূখত
কিবা লিখিবলৈ
ৰাতিটোৱে বুজি নাপায়
উত্তাল সাগৰৰ সংজ্ঞা।
তথাপি….
গছজোপা ৰুই দিলোঁ
ফুল – ফল নহ’লেও ছাঁতো বিলাব।।