ঢোলে-দগৰে বিশাল সমদলৰে ১০ নং কাজিৰঙা সমষ্টিৰ বাবে কামাখ্যা প্ৰসাদ তাছাৰ মনোনয়ন দাখিল

ঢোলে-দগৰে বিশাল সমদলৰে ১০ নং কাজিৰঙা সমষ্টিৰ বাবে কামাখ্যা প্ৰসাদ তাছাৰ মনোনয়ন দাখিল

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী হিচাপে আজি গোলাঘাট মনোনয়ন পত্ৰ দাখিল কৰে কামাখ্যা প্ৰসাদ তাছাই। কামাখ্যা তাছা জিন্দাবাদ,বিজেপি জিন্দাবাদ, ধ্বনিৰে উত্তাল পৰিবেশৰ মাজত ঢোলে-দগৰে বিশাল সমদলৰে হাজাৰ সমৰ্থক উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে তাছাই। মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেখেতিয়ক সংগ দিয়া মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, জয়ন্ত মল্ল বৰুৱা, বিধায়ক বিশ্বজিৎ ফুকন, ৰাজ্যিক সভাপতি ভৱেশ কলিতা তথা বিভিন্ন নিকায়- নিগমৰ নেতৃবৰ্গকে ধৰি বিজেপি মিত্ৰ জোটৰ ভালেমান কৰ্মকৰ্তাই । ইয়াৰ পূৰ্বে কামাখ্যা তাছাই ঐতিহ্যমণ্ডিত আঠখেলিয়া নাম ঘৰত সেৱা লয়।